টংলাত চোৰৰ উপদ্ৰপ: মোবাইলৰ দোকানৰ পৰা লুটিলে বহু লক্ষাধিক টকাৰ লগতে মোবাইল ফোন

সমগ্ৰ দেখাত ক’ৰোনা মহামাৰী সন্ত্ৰাসে বিৰাজ কৰা সময়তে শনিবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত টংলা চহৰৰ মাজমজিয়াত থকা ” কৰণ কমপজিত ” নামৰ মোবাইল ফোনৰ দোকান খনত চোৰে প্ৰায় ডেৰ লক্ষাধিক টকাৰ মোবাইল ফোনৰ লগতে মোবাইল ফোনৰ অন্যান্য সামগ্ৰী চুৰি কৰি নিয়ে। উক্ত দোকানৰ গৰাকীয়ে আজি পুৱা প্ৰায় ৮ মাজত নিজৰ দোকান খুলি চুৰি হোৱা কার্য পত্যক্ষ কৰি টংলা আৰক্ষী থানাত চুৰি সম্পৰ্কত অৱগত কৰে।
চোৰে দোকানৰ তিনপাত খুলি দোকানৰ চিলিং ভাগি দোকাৰ ভিতৰত প্ৰৱেশ কৰে। ইতিমধ্যে দোকানৰ গৰাকীয়ে দোকানৰ ভিতৰত থকা চি চি টিভিৰ ফুটেজ সংগ্ৰহ কৰি চোৰৰ চুৰি কাৰ্য্য পত্যক্ষ কৰি ফুটেজ সহ টংলা থানাত এখন এজাহাৰ দাখিল কৰে। ক’ৰনা মহামাৰীৰ সময়ত সান্ধ্য আইনৰ সুযোগ লৈ একাংশ লোকে চুৰিৰ দৰে অপৰাধজনীত কাৰ্য্যত লিপ্ত হৈ উপদ্ৰপ সৃষ্টি কৰি আহিছে। টংলা আৰক্ষীয়ে চোৰৰ চি চি টিভিৰ ফুটেজৰ জৰিয়তে চুৰ কেনেকৈ কৰায়ত্ব কৰে সেয়া হব লক্ষণীয়।

Related Articles