দিকৰাইৰ গেলাহাটিঙা চাহ বাগিচাত যুৱকৰ আত্ম হত্যা

 বিশ্বনাথ জিলাৰ ইটাখোলা উপ-আৰক্ষী চকী অন্তৰ্গত দিকৰাইৰ গেলাহাটিঙা চাহ বাগিচাৰ নিৱাসী লক্ষীন্দৰ চাওৰাৰ কনিষ্ঠ পুত্ৰ কুশল চাওৰা(১৭) নামৰ এজন যুৱকে আত্ম হত্যা কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যকৰ পৰিৱেশ বিৰাজ কৰিছে। জানিব পৰা মতে আজি পুৱা বেলাত পথাৰৰ কামত ওলাই যোৱা যুৱক জনে ঘৰৰ পৰা কিছু নিলগৰ বাগিচাখনৰ পাত ঘৰত চিপ লৈ আত্ম হত্যা কৰাৰ কিছু মূহুৰ্ততে পথ চাৰীয়ে প্ৰত্যক্ষ কৰে আৰু লগে লগে চিপ কাটি যুৱক জনক নমাই আনি পৰিয়াললোকৰ দ্বাৰা দিকৰাই চাহ বাগিচা চিকিৎসালয়ত ততাতৈয়াকৈ নিয়ে যদি চিকিৎসে মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও যুৱকজন কোনোধৰণৰ কাৰণ নোহোৱাকৈ আত্ম হত্যাৰ চেষ্টা কৰিছিল যদিও প্ৰত্যক্ষ দৰ্শী লোকৰ চেষ্টাত যুৱকজন মৃত্যুৰ পৰা বাচিছিল। সেইহে যুৱক জন মানষিক ৰোগত আক্ৰান্তৰ সন্দেহ কৰা গাঁৱৰ এগৰাকী কৰ্মী যুৱকৰ মৃত্যুৰ খৱৰ বিয়পাৰ লগে লগে অঞ্চলটোত এক শোকৰ ছাঁ‌ পৰিছে। যুৱক জনৰ মৃত্যুৰ সময়ত পিতৃ-মাতৃ,জেষ্ঠ ভাতৃ আৰু এগৰাকী ভগ্নিক ইহঁ সংসাৰত এৰি থৈ যায়।

Related Articles