বৰ্তমান এই ভৰ বাৰিষাৰ সময়ত কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ বিচাৰি নলবাৰীৰ একাংশ ৰাইজৰ প্ৰতিবাদ ৷ নলবাৰী পৌৰসভা হায় হায় শ্লোগানৰে প্ৰতিবাদ কৰি আজি নলবাৰীৰ একাংশ ৰাইজে বন্ধ কৰি দিলে এটি গুৰুত্বপূৰ্ণ পথ ৷ মন কৰিবলগীয়া বিষয় যে, নলবাৰী চহৰৰ মাজমজিয়াৰ গোপালবজাৰৰ ১২ নং ৱাৰ্ডৰ পথটোৰ বাবে প্ৰতিবছৰে পথচাৰী তথা স্থানীয়লোকে বাৰিষা কালত কৃত্ৰিম বানৰ বাবে যন্ত্ৰণা ভুগি আহিছে ৷ এজাক বৰষুণতে পথটোত একাঠু পৰ্যন্ত পানীৰে জলমগ্ন হৈ পৰে যাৰ বাবে যাতায়তৰ কাৰণে অনুপযোগী হৈ পৰে উক্ত পথচোৱা ৷ একমাত্ৰ নলবাৰী জিলাৰ পৌৰসভাৰ দায়িত্ব হীন কাণ্ডৰ বাবে এনেদৰে দূৰ্ভোগ ভুগিবলগীয়া হৈ পৰিছে বুলি মন্তব্য প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ তদুপৰি বৰষুণৰ পানী নিষ্কাষনৰ কোনো বৈজ্ঞানিক পদ্ধতি তথা নলা নৰ্দমা সমূহ সময়মতে চাফ-চিকুণ নকৰাৰ ফলত এই যাতনা ভুগি থাকিবলগীয়া হোৱা বুলিও মত প্ৰকাশ কৰে ৷ আনহাতে স্থানীয় ৰাইজৰ দাবী অনুসৰি অতিশীঘ্ৰে এই সমস্যা দূৰ নকৰিলে পথছোৱা সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে ৷ উল্লেখ্য যে এই পথছোৱাৰে নলবাৰী প্ৰেমদা হোটেল হৈ চামতা সৰ্থেবাৰী কৈঠালকুছি লৈ যাতায়ত কৰিব পৰা এক গুৰুত্বপূৰ্ণ পথ ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…