ৰাজ্যৰ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ।
সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কোন মন্ত্ৰীয়ে কি বিভাগৰ দায়িত্ব লাভ কৰিলে-
ড০ হিমন্ত বিশ্ব শর্মাৰ হাতত থাকিব গৃহ, ৰাজনৈতিক দপ্তৰ লোকনির্মাণ, শক্তি। জনসংযোগ দপ্তৰৰো দায়িত্ব ড০ শৰ্মাৰ হাতত। আন মন্ত্ৰীক নিদিয়া দপ্তৰো থাকিব মুখ্যমন্ত্ৰীৰ হাতত।
অশোক সিংহলৰ হাতত থাকিব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা দপ্তৰৰ দায়িত্ব।
অশ্বিনী ৰায় সৰকাৰৰ হাতত থাকিব সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন দপ্তৰৰ দায়িত্ব।
বিমল বৰা হাতত থকিব সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ, এক্ট ইষ্ট পলিচী পৰিক্ৰমা দপ্তৰ।
বিশ্বজিৎ দৈমাৰীৰ হাতত থাকিব হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম উদ্যোগ, ক্ৰীড়া আৰু যুৱ কল্যাণ, দক্ষতা, নিয়োগ আৰু উদ্যোমিতা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতি।
জয়ন্ত মল্লবৰুৱা হাতত থাকিব বিত্ত, পৰিৱেশ আৰু বন, খনি আৰু খনিজ সম্পদ দপ্তৰৰ দায়িত্ব।
কৌশিক ৰায়ৰ হাতত থাকিব খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, সমবায় দপ্তৰৰ দায়িত্ব।
কেশৱ মহন্তৰ হাতত থাকিব ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসন দপ্তৰৰ দায়িত্ব।
কৃষ্ণেন্দু পালৰ হাতত থাকিব জনস্বাস্থ্য কাৰিকৰী বিভাগ, পাহাৰীয়া এলেকা, বৰাক উপত্যকা উন্নয়ন বিভাগ।
নীলিমা দেৱীৰ হাতত থাকিব পশুপালন আৰু পশু চিকিৎসা, মীন বিভাগৰ দায়িত্ব।
মন্ত্ৰী পীয়ূষ হাজৰিকাৰ হাতত থাকিব কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব।
ডাঃ ৰণোজ পেগুৰ হাতত থাকিব বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, জনজাতীয় পৰিক্ৰমা, তথ্য প্ৰযুক্তি বিভাগ।
সুশান্ত বৰগোহাঁইৰ হাতত থাকিব জল সম্পদ, ন্যায় বিভাগৰ দায়িত্ব।

