বিশ্বৰ বহু দেশতকৈ কম মূল্যত ৰন্ধন গেছ পাইছে ভাৰতীয়ই

দেশত পুনৰ ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ বিৰোধীৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈছে চৰকাৰ৷ শেহতীয়াকৈ ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য আৰু ২৯ টকা বৃদ্ধি পোৱাৰ পিছত দেশৰ ৰাজধানী দিল্লীত ১৪.২ কিলোগ্ৰামৰ এটা চিলিণ্ডাৰৰ মূল্য ৯১৩ টকাৰ পৰা পোনে পোনে ৯৪২ টকা হৈছে৷ এনে প্ৰতিবাদ তথা সমালোচনাৰ মাজতে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে দাবী কৰিছে যে বিশ্বৰ বহু দেশতকৈ কম মূল্যত ৰন্ধন গেছ পাইছে ভাৰতীয়ই৷ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা এক চৰকাৰী বিবৃতিত দাবী কৰা হৈছে যে ভাৰতত ৰন্ধন গেছ চুবুৰীয়া দেশসমূহৰ তুলনাত আজিও বহুত সস্তা৷

আনকি আমেৰিকা, কানাডা আৰু অষ্ট্ৰেলিয়াৰ দৰে উন্নত দেশৰ তুলনাতো ভাৰতীয় গ্ৰাহকে কম মূল্য ভৰিবলগীয়া হৈছে বুলি মন্ত্ৰণালয়ে জনাইছে৷ পাকিস্তানত ৰন্ধন গেছৰ দাম ভাৰতীয় টকাৰ মূল্যত ৰ,০৪৬ টকা, নেপালত ৰ,২০৭ টকা, বাংলাদেশত প্ৰায় ৰ,২২৫ টকা, শ্ৰীলংকাত ৰ,২৪১, আমেৰিকা যুক্তৰাষ্ট্ৰত ৰ,৭৫৫ টকা, অষ্ট্ৰেলিয়া ৰ,৭৬৫ টকা, কানাডা প্ৰায় ২,৪১১ টকা৷

মন্ত্ৰণালয়ৰ মতে বজাৰত যোগানৰ খৰচ ১৬০০ টকাতকৈ অধিক হৈছে যদিও দিল্লীৰ সাধাৰণ গ্ৰাহকে ইয়াক লাভ কৰিছে ৯৪২ টকাত৷ আনহাতে, প্ৰধানমন্ত্ৰী উজ্জ্বল যোজনাৰ হিতাধিকাৰীসকলে ৰাজসাহায্যৰ পিছত এই চিলিণ্ডাৰ কাৰ্যক্ষেত্ৰত মাত্ৰ ৬৪২ টকাত লাভ কৰিছে৷ ইফালে দিল্লীৰ একাংশ সাধাৰণ গ্ৰাহকে এই সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে৷ বিৰোধীয়ে দাবী কৰিছে যে মূল্যবৃদ্ধিৰ বাবে দৰিদ্ৰ লোকৰ ওপৰত বহুত অত্যাচাৰ হৈছে আৰু শ্ৰমিক শ্ৰেণীৰ জীৱন দুৰ্বিষহ হৈ পৰিছে৷ দিল্লীৰ ওখলাৰ আকিল আহমেদে কয় যে চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰখা নাই আৰু পূৰ্বতে পোৱা ৰাজসাহায্যও এতিয়া শেষ হৈ গৈছে, যাৰ বাবে কম দৰমহা পোৱা লোকসকলৰ গেছ ক্ৰয় কৰাৰ ক্ষমতা নাইকিয়া হৈ পৰিছে৷

Related Articles