অৰুনাচল আপাৰসিং জিলাৰ পথ নিৰ্মানৰ কামত নিয়োজিত চিৰাঙৰ শ্ৰমিক পৰিয়ালৰ কৰুন মৃত্যু। জানিব পৰা অনুসৰি চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত ২নং আব্দাগুৰি গাঁওৰ বাসিন্দা আমজাদুৰ ৰহমান অৰুনাচলৰ আপাৰসিং জিলাৰ ফুৰুং (টুটিং) চলি থকা পথ নিৰ্মানৰ কামত পৰিয়াল সহ কাম কৰিবলৈ গৈছিল। শনিবাৰে পুৱা পৰিয়ালটো শুই থকা অৱস্থাতে হাইড্ৰা এখনে পথৰ দাতিতে থকা ঘৰটি মহটিয়াই নিয়াত দুজন নিহত হয় দুজন শ্ৰমিক। নিহত দুজন ক্ৰমে আমজাদুৰ ৰহমানৰ পত্নি মাছুদা খাতুন(২১)আৰু তেওঁৰ চাৰি বছৰীয়া সন্তান মাজিদুৰ ৰহমান(৪) ।অৱস্থাতে হাইড্ৰাই । অতিকে দৰিদ্ৰ পৰিয়ালটি এতিয়া নিঠৰুৱা । দুজন লোকৰ মৃত্যুক লৈ চিৰাঙৰ আব্দাগুৰি গাঁওত চাঞ্চল্যৰ সৃষ্টী হৈছে। চিৰাঙৰ পানবাৰী আঞ্চলিক এবিএমছুয়ে অসম চৰকাৰ আৰু অৰুনাচল চৰকাৰক দাবী জনায় দৰিদ্ৰ পৰিয়ালটিক উপযুক্ত ক্ষতিপুৰণ দিয়াৰ বাবে আৰু মৃতদেহ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰাৰ বাবে।

