নাম সঞ্জয় ভূমিজ, ডিমৰীয়াৰ এগৰাকী প্ৰতিভাৱান ফুটবল খেলুৱৈ। খেলপথাৰত দুভৰিৰ যাদুৰে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত আজুৰি আনিছিল পদক। ৰাজ্যখনৰ লগতে ডিমৰীয়া অঞ্চললৈ কঢ়িয়াই আনিছিল সুনাম। কিন্তু সুদক্ষ খেলুৱৈ গৰাকীয়ে হেৰুৱাইছে আজি দুভৰিৰ ছন্দ।
খেলি থকা অৱস্থাতেই সোঁ ভৰিত আঘাত পাই খেলুৱৈ গৰাকীয়ে। আৰ্থিক দুৰৱস্থাৰ বাবে অপাৰেশ্যনত দৰকাৰ হোৱা ৩ লক্ষাধিক টকা গোটাবলৈ অপৰাগ হৈ পৰিছে সঞ্জয়ৰ পৰিয়াল। উপায়ন্তৰ হৈ সহায় বিচাৰিছে ৰাইজ তথা চৰকাৰ আৰু দল সংগঠনৰ পৰা সুদক্ষ খেলুৱৈ সঞ্জয় ভূমিজে। কোনো সুহৃদয়বান ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে তেতিয়াহলে আমাৰ স্ক্ৰীণত দি থকা একাউন্ট নম্বৰত আৰ্থিক সহায় কৰিব পাৰে
Name- Mr. Sanjay Bhumij.
Account no- 39631069795
Ifsc- SBIN0011616

