বৈবাহিক জীৱনৰ ২০টা বৰ্ষ অতিক্ৰম কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাই। এসময়ত প্ৰেয়সী ৰিণিকি ভূঞা শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হ’ম বুলি কোৱা মানুহজন আজি সঁচাকৈয়ে অসমৰ মুখ্যমন্ত্ৰী।ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি আজিৰ পৰ্যায়লৈ জীৱনৰ প্ৰতিটো খোজতে এজন সফল মানুহ ড০ হিমন্ত বিশ্ব শৰ্মা।লগত আছে প্ৰতিটো মুহূৰ্ততে প্ৰেৰণা যোগোৱা পত্নী ৰিণিকি ভূঞা শৰ্মা।বিবাহবাৰ্ষিকী উপলক্ষে ছচিয়েল মিডিয়াত ৰিণিকি ভূঞা শৰ্মাই এটা পোষ্ট কৰিছে। পোষ্টটোত ৰিণিকি ভূঞা শৰ্মাই লিখিছে, ‘‘প্ৰকৃতিয়ে দিয়া প্ৰচূৰ বিশ্বাস আৰু ধৈৰ্যই পাৰহৈ যোৱা প্ৰতিটো দিনতে আমাক শক্তিশালী কৰিছে, আজি আমি বৈবাহিক জীৱনৰ ২০ বছৰ অতিক্ৰম কৰিলো।’’

