লাহোৱাল আৰক্ষীৰ বিশেষ অভিযানত লাহোৱাল পাত্ৰ গাঁৱৰ পৰা আটক কৰে এজনক
ডিব্ৰুগড় সদৰ আৰক্ষী বিষয়া ৰাজিৱ শইকীয়াৰ নেতৃত্বত লাহোৱাল আৰক্ষী বিষয়া অনুপম গুৱালা আৰু ঘোৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ কুমাৰ নাথৰ নেতৃত্বত আজি লাহোৱালত বৃহৎ পৰিমাণৰ দ্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে এখন হোন্দাই চেন্টৰ পৰা নিষিদ্ধ চেমপেক্স প্লাছৰ কেপচুলসহ, এ এচ ০১ এম ৭৮৮৯ নম্বৰৰ বাহনখন জব্দ কৰে।
উল্লেখ্য যে দীৰ্ঘদিনৰপৰা লাহোৱালত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

