No menu items!

মৰাণত আজিও ভঙা বাঁহৰ দলঙেৰে যাতায়ত কৰিছে ৰাইজে

প্ৰতিখন চৰকাৰে উন্নয়নৰ ধাক-ঢোল বজাই পৰিবৰ্তনৰ ৰঙীন বিজ্ঞাপন দিছে কিন্তু ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিত আজিও ভঙা বাঁহৰ দলঙেৰে যাতায়ত কৰিছে ৰাইজে । মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে সমষ্টিৰ উন্নয়নৰ কথা কৈ থকা সময়ত কিন্তু মৰাণৰ তিলৈ নদীৰ ওপৰত থকা দেওধাই আৰু মোহন গাঁও সংযোগী দলং খন আজিও বাঁহৰেই হৈ থাকিল । ৰাইজে শ্ৰম দান কৰি দলং খন প্ৰতিবছৰে নিৰ্মাণ কৰিছে যদিও বাৰিষা নদী পানী বঢ়াৰ পিছত দলং খনৰ ওপৰেদি যাত্ৰা কৰাটো অতি বিপদজনক হৈ পৰে । কেইবাখনো গাওঁৰ ছাত্ৰ- ছাত্ৰী বিদ্যালয়-মহাবিদ্যালয়লৈ , ৰাইজে ব্যৱসায় বানিজ্যি কৰিবলৈ এই দলং খনেৰে যাতায়ত কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো জনপ্ৰতিনিধিয়ে দলং খন নিৰ্মাণ কৰিবলৈ সক্ষম নহ’ল । বিগত চৰকাৰৰ দিনত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে কেৱল মাত্ৰ পাঁচ হাজাৰ টকাৰ অনুদান হে দিছিল দলং খন বাঁহেৰে নিৰ্মাণ কৰিবলৈ। গতিকে দ্বিতীয় বাৰৰ বাবে বিধায়ক হোৱা চক্ৰধৰ গগৈক দলং খন নিৰ্মাণ কৰি ৰাইজৰ যাতায়ত সূচল কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে ।

Related Articles