মোদী চৰকাৰৰ ১২ টা বৰ্ষ অতিক্রম কৰাক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময় অনুষ্ঠান

মোদী চৰকাৰৰ ১২ টা বৰ্ষ অতিক্রম কৰাক লৈ ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময় অনুষ্ঠান। মোদী চৰকাৰে বাৰটা বৰ্ষ সম্পূৰ্ণ কৰাক লৈ ডিব্ৰুগড় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ সৈতে এটি মত বিনিময় অনুষ্ঠান।

ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰত অৱস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মাণ্ডলিক কাৰ্যালয়ত এই মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টীৰ ভিন্ন উন্নয়নমূলক কৰ্ম আৰু পৰিকল্পনাৰ দিশসমূহ সামৰি ডিব্ৰুগড়ৰ সাংবাদিক সকলৰ সৈতে আলোচনাত মিলিত হয়।

ডিব্ৰুগড় ছটা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰামেশ্বৰ তেলী বিমল বৰা লগতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যকতা তথা নিকায় নিগমৰ অধ্যক্ষ উপাধ্যক্ষ সকলৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত ডিব্ৰুগড়ৰ সাংবাদিক সকলে ডিব্ৰুগড়ৰ ভিন্ন সমস্যা সমূহৰ দিশত কেন্দ্ৰীয় মন্ত্ৰীজনৰ সৈতে মত বিনিময়ৰ কৰি দিহা পৰামৰ্শ আগবঢ়ায়।

Related Articles