৪৫ নং টুপামাৰী গাওঁ পঞ্চায়তৰ ঠিকাদাৰৰূপী সভানেত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

বকো বিধান সভা সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং টুপামাৰী গাওঁ পঞ্চায়তৰ ঠিকাদাৰৰূপী পঞ্চায়ত সভানেত্ৰী জবেদা হানুনৰ বিৰুদ্ধে পঞ্চায়তী কামত হোৱা দুৰ্ণীতিৰ তদন্ত বিচাৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পঞ্চায়ত খনৰ অন্তৰ্গত বদলা পথাৰ কাটাখাল নৈৰ ওপৰত প্ৰায় ডেৰ বছৰ পূৰ্বে চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে মুঠ আঠ লাখ টকীয়া ফুটব্ৰীজ নিৰ্মাণ হৈছিল। পিছে ফুটব্ৰীজ খন নিৰ্মাণ সম্পূৰ্ণ হল যদিও ৰাইজে নাপালে সুফল। দলংখনত নিতৌ সংঘটিত হয় দুৰ্ঘটনা, যাতায়তৰ নামত যমৰ-যাতনাত ভুগিছে ৰাইজে। মৰণক শৰণ দি নিতৌ পাৰাপাৰ হবলগীয়া হৈছে সহস্ৰজনে। ৰাইজে অভিযোগ কৰা মতে পঞ্চাছ শতাংশ টকাৰ কাম কৰি বাকী টকা পঞ্চায়ত সভানেত্ৰী গৰাকীয়ে উদৰস্থ কৰে। সংশ্লিষ্ট বিভাগক ফুটব্ৰীজ খন নিৰ্মাণ কাৰ্যত হোৱা দুৰ্ণীতিৰ অভিযোগ দিও ফল নধৰাত উপায়বিহীন হৈ ৰাইজে দলংৰ ওপৰত বহি পঞ্চায়ত সভানেত্ৰী জবেদা হানুন আৰু দলং নিৰ্মাণ কমিটিৰ সভাপতি আজিজুল হকৰ বিৰুদ্ধে সাৱস্ত্য কৰিলে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদৰ যোগেদি ৰাইজে বদলা পথাৰ কাটাখাল নৈৰ ওপৰত ফুটব্ৰীজ নিৰ্মাণত হোৱা দুৰ্নীতি-অনিয়মৰ তদন্তৰ দাবী উত্থাপন কৰিছে।

Related Articles