ছিপাঝাৰৰ ঐতিহাসিক ধলপুৰ শিৱমন্দিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ছিপাঝাৰৰ ব্ৰহ্মপুত্ৰ চৰত ঐতিহাসিক ধলপুৰ পাহাৰত থকা শিৱমন্দিৰ আজি দপালপিতা বৰষুনকো নেওচি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  । উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশী , মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস , উপায়ুক্ত প্ৰভাতী থাউচেন , আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক লগত লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ধলপুৰ পাহাৰৰ আশে পাশে থকা ১৮০ বিঘা বেদখলমুক্ত চৰকাৰী ভূমিও  পৰ্যবেক্ষণ কৰে ।  পৰিদৰ্শনৰ অন্ততঃ  মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা এই ধলপুৰ পাহাৰ আৰু শিৱমন্দিৰ যথোপযুক্ত সংৰক্ষণ , সংবৰ্ধণ কৰি পৰ্যটন স্থলীৰূপে গঢ়ি তোলা হব বুলি  সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  । একে সময়তে  ধলপুৰৰ  এই বেদখলমুক্ত ভূমি পুনৰবাৰ  বেদখল নকৰিবলৈ নিকটৱৰ্ত্তী ইছলাম ধৰ্মাৱলী লোকসকলৰ প্ৰতি আহব্বান জনাই  সমগ্ৰ ঠাইখনিত গছপুলি  ৰোপনেৰে  সেউজীয়া কৰি শোভাবৰ্ধন কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে মুখ্যমন্ত্ৰী  ড০  হিমন্ত বিশ্ব শৰ্মাই  । উল্লেখ্য যে , মাত্ৰ দুদিন পূৰ্বে জিলাখনৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই এই ধলপুৰত উপস্থিত হৈ কৌশলেৰে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীৰ এই ধলপুৰ শিৱমন্দিৰ দৰ্শন কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে  ।

Chief Minister Dr. Himanta Biswa Sarma offering prayers at Dholpur Shiva Mandir at Sipajhar, Darrang on 07-06-21. Pix BY UB Photos
Chief Minister Dr. Himanta Biswa Sarma inspects the lands of Dholpur Shiva Mandir freed from encroachment of illegal settlers at Gorukhuti in Sipajhar, Darrang on 07-06-21. Pix BY UB Photos

Related Articles