হৰমুজ প্ৰণালী মুকলি হোৱাৰ ইংগিত দিলে ট্ৰাম্পে

হৰমুজ প্ৰণালী মুকলি হোৱাৰ ইংগিত দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ লগতে ইংগিত পোৱা গৈছে মধ্য প্ৰাচ্যলৈ শান্তি উভতি অহাৰো৷ শেহতীয়াকৈ হৰমুজ প্ৰণালী অতি সোনকালে মুকলি হ’ব বুলি শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশেষ ঘোষণা কৰিছে৷ ট্ৰাম্পে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি শীঘ্ৰে আমেৰিকাই ইৰাণৰ সৈতে এক ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰিব৷ ইয়াৰ ফলত ইৰানে বন্ধ কৰি ৰখা হৰমুজ প্ৰণালী পুনৰ মুকলি হ’ব আৰু বিশ্বজুৰি তেলৰ যোগান স্বাভাৱিক হৈ পৰিব৷ পূৰ্বৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ শাসন কালত হোৱা পাৰমাণৱিক চুক্তিৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয় যে সেই পুৰণি চুক্তিখন অত্যন্ত শিথিল আছিল৷

ওবামাৰ চুক্তিৰ বাবেই ইৰাণে বহু আগতেই পাৰমাণৱিক অস্ত্ৰ লাভ কৰিলেহেঁতেন আৰু ইয়াৰ ব্যৱহাৰো কৰিলেহেঁতেন৷ কিন্তু বৰ্তমান কৰিবলগীয়া চুক্তিখন ইয়াৰ সম্পূৰ্ণ বিপৰীত হ’ব৷ এই চুক্তিয়ে ইৰাণক কোনো কাৰণতে পাৰমাণৱিক অস্ত্ৰ তৈয়াৰ কৰিবলৈ নিদিয়ে আৰু তেওঁলোকে কোনো ধৰণে এই মাৰাত্মক অস্ত্ৰ লাভ কৰিব নোৱাৰিব৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে লগতে দাবী কৰিছে যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী বৰ্তমান নিি©য় কৰা হৈছে আৰু অৱশিষ্ট সামগ্ৰীবোৰ পৰৱৰ্তী সময়ত ধবংস কৰা হ’ব৷ পৰিস্থিতি সম্পূৰ্ণ শান্ত হ’লে ডাঙৰ ডাঙৰ পাহাৰৰ তলত লুকাই থকা পাৰমাণৱিক সামগ্ৰীসমূহ উদ্ধাৰ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে৷ আমেৰিকাৰ বিশেষ যুদ্ধ বিমান আৰু চালকসকলৰ সহায়ত এইবোৰ সম্পূৰ্ণৰূপে ধবংস কৰা হ’ব বুলিও ট্ৰাম্পে স্পষ্ট কৰি দিয়ে

Related Articles