‘ভাৰত ইনোভেটছ্’ হৈছে ভাৰত বিশ্বৰ সংযোগৰ পৰৱৰ্তী অধ্যায়ঃ মোদী

প্ৰায় সপ্তাহজোৰা বিদেশ ভ্ৰমণৰ কাৰ্যসূচী লৈ বিদেশলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ফ্ৰান্সত উপস্থিত হয়৷ ফ্ৰান্সত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেওবাৰে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে উষ্ম আদৰণি জনায়৷ দ্বিপাক্ষিক যোগাযোগ আৰু ‘ভাৰত ইনোভেটছ’ অনুষ্ঠানৰ যৌথ উদ্বোধনীৰ পূৰ্বে দুয়োগৰাকী নেতাই সৌহাৰ্দ্যমূলক অভিবাদন জনায়৷ ইয়াৰ কিছু সময়ৰ পিছতে দুয়োজনে যৌথভাৱে ‘ভাৰত ইনোভেটছ’ উদ্বোধন কৰে৷ এয়া হৈছে ভাৰত, ফ্ৰান্স আৰু অন্যান্য দেশৰ আগশাৰীৰ ষ্টাৰ্টআপ আৰু ভেঞ্চাৰ কেপিটেল ফাণ্ডসমূহক একত্ৰিত কৰা এক বৃহৎ বিশ্বব্যাপী অনুষ্ঠান৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত এতিয়া কেৱল বিশ্বব্যাপী সমাধানৰ গ্ৰাহক নহয়, বৰঞ্চ ইয়াৰ বাবে এক ডাঙৰ অৱদান ৷ উদ্ভাৱন আৰু প্ৰযুক্তিৰ জৰিয়তে বিশ্বৰ বহনক্ষম ভৱিষ্যতৰ বাবে নতুন দিল্লীৰ দৃষ্টিভংগী দাঙি ধৰে মোদীয়ে৷

শনিবাৰে নিশা নাইচত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত ইনোভেটছ হৈছে বিশ্বৰ বাবে ভাৰতৰ সৈতে যোগ দি বিশ্বৰ উদ্ভাৱনৰ পৰৱৰ্তী অধ্যায় গঢ় দিয়াৰ এক আমন্ত্ৰণ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ যুৱ উদ্ভাৱকসকলে এনে সমাধান বিচাৰিছে যিয়ে সকলো মানৱ জাতিক উপকৃত কৰিব পাৰে৷ ভাষণত মোদীয়ে উচ্ছ প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু উদ্ভাৱনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত তেওঁৰ চৰকাৰৰ সংস্কাৰৰ পদক্ষেপৰ ওপৰত আলোকপাত কৰে৷ তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ ‘ৰিফৰ্ম এক্সপ্ৰেছ’ বন্ধ নহয়, চলি থাকিব ৷ মোদীয়ে কয় যে এদশক আগতে বিশ্বই ভাৰতক প্ৰযুক্তি গ্ৰহণকাৰী হিচাপে চাইছিল যদিও এতিয়া দেশখনে প্ৰযুক্তি নিৰ্মাতা হিচাপে আত্মপ্ৰকাশ কৰিছে ৷ ভাৰত-ফ্ৰান্সৰ সম্পৰ্কৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীয়ে গভীৰভাৱে আলোচনা কৰে ৷

তেওঁ কয় যে ভাৰত আৰু ফ্ৰান্সৰ মাজত এক সম্পৰ্ক আছে যিটো মূল্যবোধ আৰু উদ্ভাৱনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে৷ মোদীয়ে কয় যে ভাৰত আৰু ফ্ৰান্সৰ একাধিক ক্ষেত্ৰত অংশীদাৰিত্ব আছে৷ তেওঁ কয়, ‘এই সম্পৰ্কত সংযোগ, প্ৰত্যয়, উদ্ভাৱন, প্ৰেৰণা, মূল্যবোধ আৰু দৃষ্টিভংগী আছে৷ এই সম্পৰ্কৰ ভেটিৰ ভিত্তিত আমি একেলগে নতুন পদক্ষেপ আৰম্ভ কৰিছোঁ আৰু বিগত কেইবছৰমানৰ পৰা নতুন ধাৰণাক পথ প্ৰদৰ্শন কৰিছোঁ৷’ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সৌৰশক্তি আৰু এআইৰ ক্ষেত্ৰকে ধৰি বিশ্বব্যাপী প্ৰত্যাহ৩ানসমূহৰ সমাধানৰ বাবে দুয়োখন দেশে প্ৰচেষ্টা চলাইছে ৷ তেওঁ কয়, ‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা হওক, এআই সম্পৰ্কীয় আলোচনা হওক, আমাৰ দুয়োখন ৰাষ্ট্ৰই মানৱতাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি একেলগে কাম কৰিছে৷

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ আৰম্ভ কৰা হ’ল৷ মই আনন্দিত যে আজি আমি ফ্ৰান্সৰ সৈতে ‘ভাৰত ইনোভেটছ’ উদ্বোধন কৰিছোঁ ৷’ ৰাষ্ট্ৰপতি মেক্ৰনে তেওঁৰ ভাষণত কয় যে ফ্ৰান্সে মেক-ইন-ইণ্ডিয়া পদক্ষেপক সন্মান কৰে আৰু পেৰিছ বিভিন্ন খণ্ডত ইয়াৰ অংশ হৈ আহিছে ৷ ভাৰতক ‘উদ্ভাৱনৰ দেশ’ বুলি অভিহিত কৰি তেওঁ কয় যে এ আই আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে জটিল খণ্ডত নতুন দিল্লী আৰু পেৰিছৰ মাজত ‘প্ৰকৃত অংশীদাৰিত্ব’ আছে৷ ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰৰ ক্ষেত্ৰকে ধৰি অসামৰিক পাৰমাণৱিক শক্তি খণ্ডত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ পৰিসৰ আছে বুলিও তেওঁ কয়৷ ভাৰত ইনোভেটছত বিশ্বৰ চিইঅ’ আৰু উদ্যোগৰ নেতাসকলৰ উপৰি প্ৰায় ১২০জন ভাৰতীয় উদ্ভাৱক, প্ৰায় ১৫টা উচ্ছ শিক্ষা প্ৰতিষ্ঠান [এইচ ই আই] আৰু আগশাৰীৰ কৰ্প’ৰেট আৰু ভেঞ্চাৰ কেপিটেল ফাৰ্মকে ধৰি ৫০০ৰো অধিক বিনিয়োগকাৰীয়ে অংশ লৈছে৷

Related Articles