গৰাখহনীয়াত ঘৰ ভেঁটি-মাটি সকলো হেৰুৱাই সৰ্বস্বান্ত হৈ জীয়াই থকাৰ বাবে এডোখৰ নিৰাপদ ঠাই বিচাৰি ৰাজপথত মাহজোৰা আন্দোলন কৰিছিল ডিব্ৰুগড়ৰ চাবুৱা সমষ্টিৰ দধিয়াৰ ৰাইজে। বিগত বৰ্ষত পুনৰ সংস্থাপনৰ প্ৰতিবাদ কৰি তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যলয়ৰ সমীপত এগৰাকী গৰ্ভৱতী মহিলা আৰু এজন যুৱকে মৃত্যুক সাবটি ল’বলগীয়া হৈছিল । প্ৰতিবাদ স্থলীলৈ আহিছিল চৰকাৰৰ মন্ত্ৰী বিধায়ক, দল সংগঠনৰ প্ৰতিনিধি। চৰকাৰে কমিটি গঠন কৰি দধিয়া ৰাইজৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ বহু মাহ পাৰ হ’ল । ৰাজ্যত নতুন চৰকাৰ গঠন হ’ল । কিন্তু নৈপৰিয়া দধিয়াবাসীৰ কেনে আছে খবৰ ল’বলৈ কাৰোৰে সময় নহ’ল । এতিয়া ধাৰাষাৰ বৰষুণৰ পাছতে মহাবাহু ব্ৰহ্মপুত্ৰ ফেনে ফুটুকাই বাঢ়ি অহাত উজাগৰে দিন পাৰ কৰিছে দধিয়াৰ ৰাইজে। ব্ৰক্ষ্মপুত্ৰৰ বালি পলসে সকলো খেটি মাটি নষ্ট কৰাত গাঁও খনৰ ৰাইজৰ উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰিছে । সকলোৱে কেৱল ব্ৰক্ষ্মপুত্ৰত মাছ মাৰি পৰিয়াল ভৰণ পোষণৰ চেষ্টা কৰিছে যদিও বহুতৰ বাবে পৰিয়াল চলোৱাটো কষ্টকৰ হৈ পৰিছে । সমাগত বাৰিষাৰ আগতে দধিয়াবাসীক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে। নহ’লে ৰাজপথতে পুনৰ বাস কৰিব লাগিব দধিয়াবাসীয়ে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…