মচি পেলোৱা হ’ল প্ৰাণৰ জুবিন গাৰ্গৰ ছবি। গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ নামত গণেশগুৰি উৰণসেতুৰ খুঁটাত অংকন কৰা জুবিন গাৰ্গৰ চিত্ৰ মচি পেলোৱা হ’ল। দুখ প্রকাশ গৰিমা শইকীয়া গাৰ্গৰ। মহানগৰীক ন-ৰূপ প্ৰদানৰ নামত GMCৰ কার্যক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্রিয়া। সামাজিক মাধ্যমত আৱেগিক পোষ্ট দি চৰকাৰ-প্ৰশাসনলৈ প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ।
সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰি চৰকাৰ-প্ৰশাসনলৈ প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গে কয় যে জুবিনৰ ছবিয়ে মহানগৰীক কদৰ্য্য কৰিছিল নেকি ? নে অপ্ৰয়োজনীয় আছিল একেবাৰেই?
মচি পেলোৱাৰ পিছত হয়তো গুৱাহাটীয়ে এক বিশেষ সুন্দৰ ৰূপ পালে নহয়নে ?
মানুহবোৰৰ হৃদয়ৰ পৰা পাৰিবনে প্ৰাণৰ আপোনজনক ছবিখনৰ দৰেই মচি পেলাব ? দুখ লাগিছে, কিন্তু খং বা ক্ষোভ নাই ।
আপোনালোকে ভাবিছে.. আপোনালোকে কৰিছে । আত্মাৰ সান্নিধ্য আৰু প্ৰাণৰ অনুভৱক অধিক বিশ্বাস কৰা মানুহ আমিবোৰ । আপোনালোকে হয়তো ক’ব.. অহেতুক আৱেগ। কিন্তু আমাৰ বাবে আমাৰ বিশ্বাসেই সঁচা আৰু শুদ্ধ । তেওঁ অমৰ,, মনে প্ৰাণে আৱেগে বিবেকে সকলোতে শিপাই আছে । চিৰদিন থাকিব ।

