ক্ষুদ্ৰ-মজলীয়া কাকতৰ সমস্যাক লৈ আলোচনাঃ ৰাজ্যৰ উন্নয়নৰ যাত্ৰাত সংস্থাৰ সহযোগিতা বিচাৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া দৈনিক বাতৰি কাকতসমূহে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধানৰ বাবে বুধবাৰে মুখ্যমন্ত্ৰী তথা তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে সদৌ অসম বাতৰি কাকত সন্থাৰ এটা প্ৰতিনিধি দলে৷ দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক তথা দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞিৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীক এখন স্মাৰক-পত্ৰ প্ৰদান কৰি ক্ষুদ্ৰ আৰু মজলীয়া কাকতসমূহৰ স্বাৰ্থ সুৰক্ষাৰ দাবী জনায়৷ সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত বৈঠকত প্ৰতিনিধি দলটোৱে কাকতসমূহৰ আৰ্থিক সংকট, চৰকাৰী বিজ্ঞাপন লাভৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা আৰু অসমীয়া ভাষা-সাহিত্যৰ বিকাশত ক্ষুদ্ৰ-মজলীয়া সংবাদপত্ৰৰ ভূমিকা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে৷ স্মাৰক-পত্ৰত উল্লেখ কৰা হয় যে ৰাজ্যত বৃহৎ সংবাদপত্ৰ গোষ্ঠীৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া স্তৰত বহু দৈনিক, সাপ্তাহিক, অৰ্ধসাপ্তাহিক, পষেকীয়া আৰু মাহেকীয়া কাকত-আলোচনী নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে৷ এই কাকতসমূহে কেৱল বাতৰি প্ৰকাশ কৰাই নহয়, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, কলা, ক্ৰীড়া আৰু সমাজজীৱনৰ নানা দিশ আগুৱাই নিয়াতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷

প্ৰতিনিধি দলটোৱে কয় যে নতুন লেখক, সাংবাদিক, সাহিত্যিক আৰু সৃষ্টিশীল প্ৰতিভাৰ প্ৰথম প্ৰকাশৰ ক্ষেত্ৰ হিচাপেও ক্ষুদ্ৰ আৰু মজলীয়া কাকতসমূহৰ অৱদান উল্লেখযোগ্য৷ অসমীয়া ভাষাৰ চৰ্চা, প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত এই কাকতসমূহে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে৷ স্মাৰক-পত্ৰত আৰু উল্লেখ কৰা হয় যে কৰ’না অতিমাৰীৰ সময়ৰ পৰা ছপা সংবাদ মাধ্যম বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া কাকতসমূহ গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হৈ আহিছে৷ তথাপি লোকচান আৰু অনিশ্চিত ভৱিষ্যৎ মূৰ পাতি লৈয়ো বহু কাকতে নিয়মীয়া প্ৰকাশ অব্যাহত ৰাখিছে৷ এনে পৰিস্থিতিত চৰকাৰী সহযোগিতা ক্ষুদ্ৰ আৰু মজলীয়া কাকতসমূহৰ বাবে অত্যন্ত প্ৰয়োজনীয় বুলি প্ৰতিনিধি দলটোৱে মন্তব্য কৰে৷ অসমীয়া ভাষাক ধ্ৰnপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা উদ্যোগৰ কথাও স্মাৰক-পত্ৰত উল্লেখ কৰা হয়৷ প্ৰতিনিধি দলটোৱে কয়, অসমীয়া ভাষা-সাহিত্য জীয়াই ৰখাৰ ক্ষেত্ৰত ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকতসমূহে এক নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে৷

সেয়ে এই কাকতসমূহক শক্তিশালী কৰি তোলাটো ভাষা আৰু সংস্কৃতি ৰক্ষাৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ৷ প্ৰতিনিধি দলটোৱে নিয়মীয়াকৈ প্ৰকাশ পাই থকা দৈনিক কাকতসমূহক ক্লাছিফাইড আৰু ডিছপ্লে বিজ্ঞাপন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ৩ান জনায়৷ তেওঁলোকৰ মতে, ক্লাছিফাইড বিজ্ঞাপনৰ সৈতে নিয়মীয়া পাঠক আৰু গ্ৰাহকৰ এক ঘনিষ্ঠ সম্পৰ্ক থাকে৷ এনে বিজ্ঞাপনে কাকতৰ পাঠক-ভিত্তি শক্তিশালী কৰাৰ লগতে বিজ্ঞাপনৰ উদ্দেশ্যও সফল কৰে৷ বৈঠকত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধি দলটোক আশ্বাস দিয়ে যে অসমৰ প্ৰতিখন বাতৰি কাকত জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰ ইতিবাচক৷ ক্ষুদ্ৰ, মজলীয়া বা বৃহৎ– যিকোনো স্তৰৰ কাকত হ’লেও কোনো কাকত যাতে বিজ্ঞাপনৰ সুবিধাৰ পৰা বঞ্চিত নহয়, সেই দিশত চৰকাৰে দৃষ্টি দিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যিসমূহ প্ৰতিষ্ঠানে অসমৰ যুৱক-যুৱতীক কৰ্মসংস্থাপন দিছে, তেনে প্ৰতিষ্ঠানসমূহক সহায় কৰাৰ ক্ষেত্ৰত চৰকাৰ সদায় আগ্ৰহী৷ সংবাদপত্ৰসমূহৰ ক্ষেত্ৰতো চৰকাৰে ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিব বুলি তেওঁ আশ্বাস দিয়ে৷ মুখ্যমন্ত্ৰীৰ এই আশ্বাসক আদৰণি জনাই সদৌ অসম বাতৰি কাকত সন্থাৰ প্ৰতিনিধি দলটোৱে আশা প্ৰকাশ কৰে যে চৰকাৰৰ ইতিবাচক পদক্ষেপে ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া কাকতসমূহক নতুন উদ্যমেৰে আগবাঢ়ি যোৱাত সহায় কৰিব৷ তেওঁলোকৰ মতে, এই সহায়ে কেবল সংবাদপত্ৰসমূহকেই নহয়, অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিকাশকো অধিক শক্তিশালী কৰিব৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই আলোচনাতে ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ যাত্ৰাত কাকত সংস্থাটোৰ পৰা সক্ৰিয় সহযোগিতা বিচাৰিছে৷

Related Articles