বেমেজালি দূৰ কৰিবলৈ বায়ুসেনাৰ বিমানযোগে সৰবৰাহ কৰা হ’ব নীটৰ প্ৰশ্নকাকত৷ ২১ জুনত দেশজুৰি পুনৰ নীট ইউ ২০২৬ পৰীক্ষা অনুষ্ঠিত হ’ব৷ এইবাৰ কোনো বিতৰ্ক অবিহনে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নেচনেল টেষ্টিং এজেঞ্চি [এনটিএ] সাজু হৈছে৷ বিশেষকৈ প্ৰশ্নকাকত ফাদিলৰ বিষয়টোত গুৰুত্বসহকাৰে লৈছে চৰকাৰ তথা এটিএই৷ যাৰ বাবে পৰীক্ষাৰ প্ৰশ্নকাকত পৰিবহণত কেন্দ্ৰীয় চৰকাৰ আৰু এনটিএই এক অভূতপূৰ্ব সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে৷
প্ৰশ্নকাকতবোৰ দেশৰ বিভিন্ন স্থানলৈ ভাৰতীয় বায়ুসেনাৰ বিমান আৰু হেলিকপ্টাৰৰ সহায়ত প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ বায়ুসেনাই বিভিন্ন ৰাজ্যত প্ৰশ্নকাকত পৰিবহণৰ মকড্ৰিল সম্পন্ন কৰিছে৷ বায়ুসেনাই প্ৰশ্নকাকত পৰিবহণৰ কাম আৰম্ভ কৰিছে ৷ বিগত চ্ছ্ৰ দিনত বায়ুসেনাৰ বিমান আৰু হেলিকপ্টাৰে ২০০ৰো অধিক প্ৰশ্নকাকতৰ টোপোলা পৰিবহণ কৰিছে৷ বুধবাৰৰ ভিতৰত দেশজুৰি প্ৰশ্নকাকত বিতৰণ অভিযান সমাপ্ত কৰাৰ সম্ভাৱনা আছে ৷ এক সূত্ৰই সংবাদ মাধ্যমক জনোৱা মতে ভাৰতীয় বায়ুসেনাই পৰিবহণ বিমান আৰু হেলিকপ্টাৰৰ সহায়ত দুটা নিৰ্দিষ্ট স্থানৰ পৰা প্ৰশ্নকাকত দেশৰ ২০টাতকৈও অধিক স্থানৰ বিভিন্ন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে৷
অৱশ্যে সুৰক্ষাৰ কথা বিবেচনা কৰি বায়ু সেনাই এই সন্দৰ্ভত বিস্তৃত তথ্য প্ৰকাশ কৰা নাই৷ প্ৰশ্নকাকত পৰিবহণৰ প্ৰতি লক্ষ্য ৰাখি ছত্তীশগড়ৰ জগদলপুৰস্থিত মা দন্তেশ্বৰী বিমানবন্দৰতো কটকটীয়া নিৰাপত্তা দেখা গৈছে৷ পৰীক্ষাৰ পূৰ্বে ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে প্ৰশ্নকাকত বস্তাৰৰ জগদলপুৰলৈ লৈ যোৱা হৈছে৷ তাৰ পৰা বিষয়াসকলৰ তত্ত্বাৱধানত ছীল কৰা প্ৰশ্নকাকতসমূহ নিৰাপদে ষ্ট্ৰং ৰূমলৈ প্ৰেৰণ কৰা হয়৷ ইফালে তামিলনাডুৰ চেলেম বিমানবন্দৰৰ বাহিৰতো কটকটীয়া নিৰাপত্তা দেখা গৈছে৷ বায়ুসেনাৰ বিমানযোগে অনা প্ৰশ্নকাকতবোৰ বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে একাধিক জিলালৈ লৈ যোৱা হয়৷ ইফালে প্ৰশ্নকাকত ফাদিলৰ বাবে নীট ইউ ২০২৬ বাতিল কৰাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে দেশৰ পৰীক্ষাৰ্থীসকল৷ বহু পৰীক্ষাৰ্থী হতাশ হৈ পৰিছে যদিও ২১ জুনত পুনৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে ৷
ৰাজস্থানৰ এগৰাকী নীট প্ৰত্যাশী বৈচাস্বীয়ে এই সন্দৰ্ভত কয়, ‘প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বহুত সমস্যা হৈছিল৷ বহু সময় ধৰি পঢ়িছিলোঁ কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে আকৌ পঢ়িবলগীয়া হৈছে ৷ কিন্তু সম্পূৰ্ণ হৈ গৈছে৷ এতিয়া মই পৰীক্ষাৰ বাবে সাজু হৈছোঁ৷’ উল্লেখ্য যে নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো সন্দৰ্ভত চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে ৷ তাৰ মাজতে প্ৰশ্নকাকত যাতে পুনৰ ফাদিল হ’ব নোৱাৰে তাৰ বাবে চৰকাৰ তথা এনটিএই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে৷

