ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৱৰ্তী বিন্নাছোৰা অঞ্চলৰ পৰা ভাৰতীয় মুদ্ৰাৰ দুই লাখ টকাৰ জালনোট সহ আটক দুই অপৰাধী। এক গোপন সুত্ৰৰ পম খেদি আজি ধুবুৰী আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে বিন্নাছোৰাত চলাইছিল অভিযান। আৰক্ষী আৰু বি এছ এফৰ যুটীয়া অভিযানত উদ্ধাৰ হয় ভাৰতীয় মুদ্ৰাৰ দুই লাখ জাল নোট।আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ জালনোটৰ লগতে সৰবৰাহকাৰী ক্ৰমে হুছেইন আলী আৰু মোছলেম আলী নামৰ যুৱকদ্বয়ক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰে হুছেইন আলীৰ ঘৰ বিন্নাছোৰাত আৰু মোছলেম আলীৰ ঘৰ বালাডোবাৰ শৌলমাৰীত।এই দুই লাখ টকাৰ জালনোট বাংলাদেশৰ পৰা ভাৰতলৈ অনাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে,ভাৰতীয় অৰ্থনীতি তচনচ কৰাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ছফা হয় ভাৰতীয় মুদ্ৰাৰ জাল নোট। আৰু ইয়াৰ লগত জড়িত হৈছে ধুবুৰীৰ একাংশ যুৱক। ধুবুৰীত ইয়াৰ পূৰ্বে ঝগৰাৰপাৰ আৰু দক্ষিণ শালমাৰাৰ মানকাচৰত উদ্ধাৰ হৈছে কেবা লাখ টকাৰ জালনোট।কিন্তু এতিয়ালৈকে উদ্ধাৰ নহল জালনোট ছপোৱা সেই গোপন স্থান।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…