ক’ৰোনা মহামাৰীৰ ত্ৰাসৰ মাজতে ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ দৈনিক ভিন্ন ঠাইত বন্যহস্তীয়ে চলাই আহিছে তাণ্ডৱ ৷ একাংশই বনাঞ্চল ধ্বংস কৰি অহাৰ ফলতে প্ৰায়ে জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ জাক ৷ ফলত উভয় পক্ষৰ সংঘাতত কেতিয়াবা যদি মানুহে প্ৰাণ হেৰুৱাইছে কেতিয়াবা আকৌ প্ৰাণ হেৰুৱাইছে হাতীয়ে ৷ যোৱা নিশা বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমন্তৱৰ্তী ভূটানখুঁটিত বন্যহস্তীয়ে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি গাৱখনত প্ৰৱেশ কৰি দুটা পৰিয়ালৰ ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে খেতি পথাৰ তহিলং কৰে ৷ নিশা প্ৰায় দুই মান বজাত মুষলধাৰ বৰষুণৰ মাজতে গাৱখনত বনৰীয়া হাতী জাকটোৱে প্ৰৱেশ কৰি ধ্ৰুৱ পৌড়েল আৰু ছবিলাল খৰেল নামৰ ব্যক্তি দুগৰাকীৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে ঘৰৰ মূল্যৱান আচবাবপত্ৰ নষ্ট কৰাৰ উপৰিও বাৰীত থকা নাৰিকল, তামোল আৰু কলগছকে ধৰি পাচলিৰ খেতি তহিলং কৰে । উল্লেখ্য যে, বন্যহস্তীয়ে বাসগৃহত আক্ৰমণ চলোৱাৰ সময়তে পৰিয়াল দুটাৰ লোক সকলে ঘৰৰ ভিতৰতে শুই আছিল ৷ কোনোমতে ঘৰৰ পৰা বাহিৰ হৈ দৌৰি পলাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় পৰিয়াল দুটাৰ সদস্য সকলে ৷ এনেদৰেই এতিয়া দিনৰ পিছত দিন বনৰীয়া হাতীৰ আতংকৰ মাজতে জীৱন নিৰ্বাহ কৰিব লগা হৈছে ভূটানখুঁটি অঞ্চলৰ ৰাইজে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…