প্ৰতিবাদধ্বনিত পুনৰ প্ৰাণ পালে জুবিন গাৰ্গৰ মচি পেলোৱা ছবিয়ে

অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ এখন দেৱাল চিত্ৰ মচি পেলোৱাক লৈ জুবিনপ্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বৃহস্পতিবাৰে বিয়লি হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে গণেশগুৰিত উপস্থিত হৈ এই ঘটনাৰ প্ৰতিবাদ কৰে৷ শেষত যেনিবা ছবিখন শিল্পীয়ে পুনৰ আঁকে৷ গুৱাহাটীৰ গণেশগুৰিৰ এখন উৰণ সেতুৰ তলৰ পৰা অসমৰ জনপ্ৰিয় সংগীতশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি থকা ‘কমৰেড্‌ছ নেভাৰ ডাই’ বুলি লিখা বিখ্যাত দেৱালচিত্ৰখন মচি পেলোৱা হৈছে ৷ এই ঘটনাটোক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ অসমতে তীব্ৰ চৰ্চা আৰু আৱেগিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই সন্দৰ্ভত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এই দেৱাল চিত্ৰখন সেই বাটেৰে অহা-যোৱা কৰা সাধাৰণ যাত্ৰী আৰু জুবিন গাৰ্গৰ অনুৰাগীসকলৰ বাবে অতি চিনাকি তথা এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল৷ প্ৰশাসনে নিয়োগ কৰা শ্ৰমিকে গুৱাহাটীৰ এই শিল্পকৰ্মটো মচি পেলাইছে৷ বহু লোকে এই চিত্ৰখনক জুবিন গাৰ্গৰ সাংস্কৃতিক অৱদানৰ প্ৰতি এক প্ৰতীকী সন্মান বা শ্ৰদ্ধাঞ্জলি হিচাপে গণ্য কৰিছিল৷ এই কাৰ্যৰ বাবে সমাজৰ অধিকাংশই এতিয়া প্ৰশাসনক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে৷ দেৱাল অংকন আঁতৰাই দিয়াৰ বাবে জুবিন গাৰ্গৰ অনুৰাগী আৰু অসমৰ ৰাইজৰ আৱেগত আঘাত লাগিছে৷ দেৱালচিত্ৰখন আঁতৰোৱাক লৈ সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ফেচবুক পোষ্টৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

এই ঘটনাত তেওঁ গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে জুবিন গাৰ্গ আৰু তেওঁৰ অনুৰাগীসকলৰ মাজত থকা চিৰস্থায়ী আৱেগিক সম্পৰ্কৰ কথা দোহাৰে৷ গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট, ‘জুবিন গাৰ্গৰ ছবিখনে চহৰখনক ইমান কদৰ্য ৰূপ দিছিল নে ? নে অপ্ৰয়োজনীয় আছিল একেবাৰেই ? মচি পেলোৱাৰ পিছত হয়তো গুৱাহাটীয়ে এক বিশেষ সুন্দৰ ৰূপ পালে হয় নহয়নে? মানুহবোৰৰ হৃদয়ৰ পৰা পাৰিবনে প্ৰাণৰ আপোনজনক ছবিখনৰ দৰেই মচি পেলাব ? দুখ লাগিছে, কিন্তু খং বা ক্ষোভ নাই ৷ আপোনালোকে ভাবিছে… আপোনালোকে কৰিছে ৷ আত্মাৰ সান্নিধ্য আৰু প্ৰাণৰ অনুভৱক অধিক বিশ্বাস কৰা মানুহ আমিবোৰ ৷ আপোনালোকে হয়তো ক’ব… অহেতুক আৱেগ৷ কিন্তু আমাৰ বাবে আমাৰ বিশ্বাসেই সঁচা আৰু শুদ্ধ ৷ তেওঁ অমৰ, মনে-প্ৰাণে, আৱেগে-বিবেকে সকলোতে শিপাই আছে ৷ চিৰদিন থাকিব৷’ শিল্পী মাশ্বৰ্াল বৰুৱাই তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, ‘তেওঁলোকে আমাৰ আৰু কিমান শিল্পকৰ্ম এনেদৰে ধবংস কৰিব ? যোৱা বছৰ প্ৰকৃতিবিষয়ক দুখনকৈ ছবি ধবংস কৰাৰ পিছত মই ভাবিছিলোঁ আমাৰ মৰমৰ জুবিন দাৰ এই দেৱাল চিত্ৰখনক অন্ততঃ কোনেও স্পৰ্শ নকৰে ৷ কিন্তু এই কাৰ্যই মোক স্তব্ধ কৰাৰ লগতে মোৰ হৃদয় ভাঙি চূৰমাৰ কৰি পেলাইছে৷ এই ছবিখন মচি পেলোৱাটো কেৱল মোৰ কোনো ব্যক্তিগত শিল্পকৰ্মৰ বিলুপ্তি নহয়, বৰঞ্চ ই আমাৰ সমগ্ৰ অসমবাসীৰ আৱেগ আৰু আমাৰ জুবিন দাৰ প্ৰতি কৰা এক চৰম আঘাত৷’

Related Articles