দেশত ১১গৰাকী নীট পৰীক্ষাৰ্থীৰ মৃত্যুৰ বাবে শিক্ষামন্ত্ৰীক জগৰীয়া কৰি প্ৰধানমন্ত্ৰীলৈ অভিজিৎ দীপ্‌কেৰ পত্ৰ

দেশত ১১গৰাকী নীট পৰীক্ষাৰ্থীৰ মৃত্যুৰ বাবে শিক্ষামন্ত্ৰীক জগৰীয়া কৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিলে অভিজিৎ দীপ্‌কেই৷ দীপ্‌কেই শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী তুলিছে৷ ককৰোচ জনতা পাৰ্টীৰ প্ৰধান অভিজিৎ দীপকে্‌ৰ মতে সমগ্ৰ দেশে বৰ্তমান শিক্ষা ব্যৱস্থাত দায়বদ্ধতা বিচাৰিছে আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক বৰ্খাস্ত কৰিলেহে এই দায়বদ্ধতা গঢ়ি তোলাৰ কাম আৰম্ভ হ’ব পাৰে৷ উল্লেখ্য, প্ৰশ্নকাকত ফাদিল, পৰীক্ষাৰ অত্যধিক খৰচ আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি দায়বদ্ধতাৰ অভাৱক লৈ ককৰোচ জনতা পাৰ্টীয়ে আন্দোলন কৰি আহিছে৷ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছৰে পৰা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দলটো সৰৱ হৈ পৰিছে৷

এই দাবীৰে দিল্লীৰ যন্তৰ মন্তৰৰ লগতে দেশৰ আন আন প্ৰান্ততো অভিজিৎ দীপ্‌কেৰ নেতৃত্বত দলৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ কিন্তু ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰা নাই আৰু প্ৰধানমন্ত্ৰীয়েও তেওঁক বৰ্খাস্ত কৰাৰ কথা ভবা নাই৷ সেয়েহে অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিঠি লিখিছে অভিজিতে৷ চিঠিত তেওঁ উল্লেখ কৰিছে যে আজি বৰ দুখেৰে এই চিঠি লিখিবলগীয়া হৈছে৷ দেশৰ ভৱিষ্যৎ প্ৰজন্মৰ মানসিক স্বাস্থ্যক লৈ চিন্তা কৰাৰ সময় এতিয়া আহি পৰিছে৷ অভিজিৎ দীপ্‌কেৰ দাবী অনুসৰি প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা ক্ষেত্ৰৰ দুৰ্নীতিৰ বাবে যোৱা কেইদিনমানত এঘাৰজন ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছে৷ ইয়াৰ ভিতৰত যোৱা আঠছল্লিশ ঘণ্টাতেই পাঁচজনৰ মৃত্যু হৈছে৷

পুনৰবাৰ নীট পৰীক্ষা দিয়াৰ মানসিক চাপত ছাত্ৰ-ছাত্ৰীসকল চিন্তিত হৈ পৰিছে৷ ল’ৰা-ছোৱালীক পঢ়ুৱাবলৈ গৈ পিতৃ-মাতৃয়ে সৰ্বস্বান্ত হ’বলগীয়া হৈছে অথচ অব্যৱস্থাৰ বাবে সেই ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে৷ চৰকাৰে এই পৰিয়ালবোৰক কমেও এক কোটি টকাকৈ ক্ষতিপূৰণ দিয়া উচিত বুলি তেওঁ দাবী জনাইছে৷ ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপকগৰাকীয়ে স্পষ্টকৈ কৈছে যে তেওঁলোকে প্ৰথমৰে পৰাই শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰি আহিছে৷

Related Articles