মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমে যি অৰ্থনৈতিক পুনৰুত্থানৰ সাক্ষী হৈছে, সেয়াই প্ৰমাণ কৰিছে ৰাজ্যখনৰ উন্নয়ন যাত্ৰাৰ এক যুগান্তকাৰী পৰিৱৰ্তন। প্ৰগতিশীল নীতি-নির্ধাৰণ, প্ৰতিষ্ঠানগত সংস্কাৰ, আন্তঃগাঁথনিৰ ব্যাপক সম্প্ৰসাৰণ আৰু বিশ্ব অৰ্থনীতিৰ সৈতে সক্ৰিয় সম্পৃক্ততাৰ জৰিয়তে অসমে সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি ভাৰতৰ পূবাঞ্চলৰ এক গুৰুত্বপূৰ্ণ বিকাশ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে। আজি অসম উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ চালিকাশক্তি, দেশৰ অৰ্থনীতিত এক উল্লেখযোগ্য অৱদানকাৰী আৰু বিনিয়োগ, উদ্ভাৱন আৰু উদ্যোগৰ এক উদীয়মান কেন্দ্ৰ হিচাপে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰিসৰত স্বীকৃতি লাভ কৰিছে। আজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে এই মন্তব্য প্ৰকাশ কৰে বিজেপি অসম প্ৰদেশৰ মুখপাত্ৰ ড° জাফ্ৰীন মেহজাবিনে ৷
বিবৃতিটোত ড° মেহজাবিনে কয় যে, এডভানটেজ আসাম ২.০ ৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জাপান, ছিংগাপুৰকে ধৰি একাধিক বিশ্ব অৰ্থনৈতিক কেন্দ্ৰত বিনিয়োগ প্ৰচাৰ অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী, উদ্যোগপতি আৰু কূটনৈতিক মহলৰ সৈতে বিস্তৃত আলোচনা কৰে। এই প্ৰচেষ্টাই অসমৰ কৌশলগত অৱস্থান, প্ৰাকৃতিক সম্পদ, উন্নত আন্তঃগাঁথনি, দক্ষ মানৱ সম্পদ আৰু বিনিয়োগ-অনুকূল শাসন ব্যৱস্থাক বিশ্বৰ আগত সফলভাৱে উপস্থাপন কৰিবলৈ সক্ষম হয়।
তেওঁ উল্লেখ কৰে যে এই প্ৰচেষ্টাৰ অন্যতম উল্লেখযোগ্য ফলাফল হৈছে অষ্ট্ৰেলিয়া, জাপান আৰু ইউৰোপীয় সংঘভুক্ত দেশসমূহে অসমৰ অধিকাংশ অঞ্চলৰ ক্ষেত্ৰত পূৰ্বৰ ভ্ৰমণ সতর্কতা শিথিল কৰা। তেওঁৰ মতে, ই কেৱল ভ্ৰমণ নীতিৰ পৰিৱৰ্তন নহয়, বৰং অসমৰ উন্নত আইন-শৃংখলা, ৰাজনৈতিক স্থিৰতা, সুশাসন আৰু অৰ্থনৈতিক সম্ভাৱনাৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় আস্থাৰ এক শক্তিশালী স্বীকৃতি। ইয়াৰ ফলত পৰ্যটন, বৈদেশিক বিনিয়োগ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সম্পৰ্ক আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী হ’ব।
ড° মেহজাবিনে কয় যে এডভানটেজ আসাম ২.০ অনুসৰি ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছিল৷ ইয়াৰ ভিতৰত ২,৮১,৬২১ কোটি টকাৰ ২৯৬ খন বুজাবুজি চুক্তি আৰু অসমৰ ৩৫খন জিলাত ২,৫৯২খন এমএছএমই চুক্তিৰ জৰিয়তে ₹৬,৭৭৪ কোটি টকাৰ বিনিয়োগ অন্তৰ্ভুক্ত হৈছে ৷ ফেব্ৰুৱাৰী ২০২৫ৰ পৰা মাৰ্চ ২০২৬লৈকে এই বিনিয়োগৰ গতি বিভিন্ন কৌশলগত খণ্ডত স্পষ্টভাৱে প্ৰতিফলিত হৈছে। বিদ্যুৎ খণ্ডত ₹৯৭,৮৪০ কোটি, আন্তঃগাঁথনি উন্নয়নত ₹৫৫,৫৭২ কোটি, হাইড্ৰ’কাৰ্বন আৰু পেট্ৰ’কেমিকেল খণ্ডত ₹৪৪,৯৪৮ কোটি, উৎপাদন খণ্ডত ₹২৬,৭৭৯ কোটি আৰু খনি আৰু খনিজ সম্পদ খণ্ডত ₹৫,৩৫৩ কোটি টকাৰ বিনিয়োগ প্ৰতিশ্ৰুতি লাভ হৈছে। ইয়াৰ উপৰিও ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি, এৰোস্পেচ আৰু ডিফেঞ্চ মেনুফেকচাৰিং, পৰ্যটন, স্বাস্থ্যসেৱা, খাদ্য প্ৰক্ৰিয়াকৰণ, দক্ষতা বিকাশ আৰু বস্ত্ৰ উদ্যোগত উল্লেখযোগ্য বিনিয়োগকাৰীৰ আগ্ৰহ পৰিলক্ষিত হৈছে।
ড° মেহজাবিনে পুনৰ কয় যে সন্মিলনৰ মাত্ৰ ৩০০ দিনৰ ভিতৰতে প্ৰায় ₹২ লাখ কোটি টকাৰ প্ৰকল্প বিভিন্ন স্তৰত ৰূপায়ণৰ দিশে আগবাঢ়িছে, আৰু ₹১.২১ লাখ কোটি টকাৰ ৭০টা প্ৰকল্পৰ ভূমিপূজন সম্পন্ন হৈছে। ই অসমৰ শিল্প ইতিহাসত বিনিয়োগক বাস্তৱায়নত ৰূপান্তৰিত কৰাৰ এক নজিৰবিহীন দৃষ্টান্ত।
তেওঁ কয় যে অসমৰ শিল্প নীতিয়ে অন্তৰ্ভুক্তিমূলক উন্নয়নক অগ্ৰাধিকাৰ দিয়ে। ₹১০০ কোটিৰ অধিক বিনিয়োগ আৰু ২০০ৰ অধিক স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিয়া উদ্যোগসমূহক চৰকাৰে পথ, বিদ্যুৎ আৰু পানী যোগানৰ দৰে মৌলিক আন্তঃগাঁথনি সহায়তা প্ৰদান কৰে, যাৰ ফলত স্থানীয় জনসাধাৰণেও প্ৰত্যক্ষভাৱে লাভান্বিত হয়।
এমএছএমই খণ্ডৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি ড° মেহজাবিনে কয় যে ২০২০ চনত ৯,৩৭১টা থকা উদ্যম পঞ্জীয়ন ২০২৪ চনত ২.৮৫ লাখ অতিক্ৰম কৰিছে, যি প্ৰায় ৩০ গুণ বৃদ্ধি। বৰ্তমান ১২.৭৫ লাখতকৈ অধিক MSME উদ্যম পৰ্টেলত পঞ্জীয়নভুক্ত। ২০২৫ চনৰ ৩১ মাৰ্চ পৰ্যন্ত MSME খণ্ডলৈ ₹৩০,৭৭৩.৫৮ কোটি টকাৰ ঋণ সহায়তা আগবঢ়োৱা হৈছে আৰু বিগত চাৰি বিত্তীয় বছৰত ₹৯০,০০০ কোটিতকৈ অধিক ঋণ বিতৰণ কৰা হৈছে।
তেওঁ লগতে কয় যে SIDBI-ৰ সহযোগত ৰূপায়িত Assam Credit Guarantee Scheme-এ ২০২৪-২৫ বৰ্ষত ৭৫,৭৪৭টা MSME-লৈ ₹৬,৪৩৬ কোটি টকাৰ ঋণ সহায়তা আগবঢ়াইছে। আনহাতে UNNATI আঁচনিৰ অধীনত ১৯৯টা উদ্যোগ অনুমোদিত হৈছে, যাৰ সম্ভাব্য বিনিয়োগ ₹৫,০৬৭.৩৩ কোটি। PM Vishwakarma আঁচনিৰ অধীনত ১,১৮,৮৬১জন শিল্পীক প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে ₹১২৫.৩৪ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে।
ড° মেহজাবিনে জগীৰোডস্থিত টাটা ছেমিকণ্ডাক্টৰ OSAT প্ৰকল্পক অসমৰ শিল্প বিকাশৰ এক যুগান্তকাৰী মাইলৰ খুঁটি হিচাপে অভিহিত কৰে। প্ৰায় ₹২৭,০০০ কোটি টকাৰ এই প্ৰকল্পই ১৫,০০০ প্ৰত্যক্ষ আৰু ১৫,০০০ পৰোক্ষ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব। ইয়াৰ উপৰিও ₹১৪,৬০৩ কোটি টকাৰ ২৮টা বৃহৎ শিল্প প্ৰস্তাৱে ২০,০০০ৰ অধিক নতুন নিযুক্তি সৃষ্টি কৰাৰ সম্ভাৱনা বহন কৰিছে।
ড° মেহজাবিনে কয় যে অসমৰ পৰিৱৰ্তন কেৱল বিনিয়োগ বা অৰ্থনৈতিক সূচকৰ মাজতেই সীমাবদ্ধ নহয়; বৰং ৰাজ্যখনক লৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ধাৰণাৰ মৌলিক পৰিৱৰ্তন ঘটিছে। বিনিয়োগকাৰীৰ আস্থা, আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি, দ্ৰুত শিল্পায়ন আৰু ফলপ্ৰসূ নীতি ৰূপায়ণে অসমক দীৰ্ঘম্যাদী বিনিয়োগ, উদ্যোগ আৰু উদ্ভাৱনৰ এক বিশ্বাসযোগ্য গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰিছে।
তেওঁ কয় যে Advantage Assam 2.0-ৰ সাফল্য, বিশ্বজুৰি অংশীদাৰসকলৰ বর্ধিত সম্পৃক্ততা আৰু অসমৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক নেটৱৰ্কৰ সৈতে ক্ৰমবৰ্ধমান সংযোগে এক নতুন উন্নয়ন মডেলৰ সূচনা কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক শক্তিকেন্দ্ৰ হিচাপে নিজৰ স্থান সুদৃঢ় কৰাৰ লগতে ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আছে।

