ডুবাই, আবু ধাবিলৈ গুৱাহাটীৰ পৰা পোনপটীয়া ফ্লাইট। ৪ আগষ্টৰ পৰা ডুবাইৰ, আবু ধাবিলৈ গুৱাহাটীৰ পৰা পোনপটীয়া ফ্লাইট আৰম্ভ হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন কেন্দ্ৰ ডুবাই আৰু আবু ধাবিলৈ এতিয়া আৰম্ভ হ’ব পোনপটীয়া বিমান সেৱা। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিব। ইউ এ ই, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানকে ধৰি চাৰিখন দেশৰ আকাশী সংযোগে অসমক অধিক একাত্ম কৰিব বিশ্বৰ সৈতে আৰু মুকলি কৰিব উন্নয়ন আৰু সমৃদ্ধিৰ নতুন দুৱাৰ। নতুন গন্তব্য, নতুন সম্ভাৱনা, নতুন উৰণ— অসমৰ বিশ্বমুখী যাত্ৰাৰ এই গুৰুত্বপূৰ্ণ অধ্যায়ৰ বাবে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা।

