বৃহৎ বিনিয়োগৰ পৰা বঞ্চিত হ’ল অসমঃ জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল

অৱশেষত যেন সকলো আশাত চেঁচাপানী পৰিল৷ অসমলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ক’লে– ‘অসমৰ বাবে দুৰ্ভাগ্যজনক খবৰ’৷ এই প্ৰসংগত জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিলৰ কাৰণ সময়ৰ নাটনি বুলি কোৱা হৈছে যদিও যোৱা ১৮ জুনত জুবিন গাৰ্গৰ ছবি মচি পেলোৱাক লৈ যি বিতৰ্ক তথা ছবিখন পুনৰ অংকণৰ সময়ত সৃষ্টি হোৱা সমাগমৰ ফলতেই জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ বাতিল কৰা হৈছে বুলিও বহুতে ধাৰণা কৰিছে৷ একাংশই অভিযোগ কৰা মতে, ছবিখন অঁকাৰ সময়ত যি যান-জঁটৰ সৃষ্টি হৈছিল সেই যান-জঁটত প্ৰায় তিনি ঘণ্টা সময় আবদ্ধ হৈ আছিল জাপানৰ পৰা অহা প্ৰতিনিধিৰ এটা দল৷

সেই বাবেই জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ তেওঁলোকে বাতিল কৰিব খুজিছে৷ অৱশ্যে এনে ধাৰণাৰ ভিত্তি থকাৰ কথাও বহুতে নুই কৰিব বিচাৰিছে৷ এক বিশেষ সূত্ৰৰ উদ্ধৃতি দি সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি অহা ১১ পৰা ৩ জুলাইলৈ জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচিয়ে প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে৷ কিন্তু সময়ৰ নাটনিৰ বাবে তেওঁৰ ভ্ৰমণ নতুন দিল্লীতে সীমিত থকাৰ সম্ভাৱনা আছে৷ পূৰ্বে দিল্লীৰ উপৰিও গুৱাহাটীকো এই ভ্ৰমণৰ সম্ভাৱ্য স্থান হিচাপে বিবেচনা কৰা হৈছিল আৰু জাপানী পক্ষক প্ৰস্তাৱ দিয়া হৈছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ সূত্ৰসমূহে কয়, ‘প্ৰধানমন্ত্ৰী তাকাইচিৰ ঘৰুৱা কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ প্ৰস্তাৱিত ভাৰত ভ্ৰমণলৈ আগমন আৰু প্ৰস্থানৰ মাজৰ সময়খিনি যথেষ্ট কটকটীয়া৷

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাজধানীৰ বাহিৰত ভ্ৰমণৰ সৈতে জড়িত অতিৰিক্ত বিষয়সমূহৰ প্ৰতি লক্ষ্য ৰাখি এই ভ্ৰমণ দিল্লীতে সীমিত হোৱাৰ সম্ভাৱনা আছে৷’ উল্লেখ্য পূৰ্বে এই এক্সত এটা পোষ্টত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল, ‘জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচিয়ে ৰ জুলাইত গুৱাহাটী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে শীৰ্ষ পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে৷’ কিন্তু মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপানৰ প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ নকৰে বুলি স্পষ্ট কৰি দিছে৷

Related Articles