নলবাৰীৰ বৰক্ষেত্ৰীৰ ১ নং জয়সাগৰত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিষ্ঠা দিৱস পালন

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ১ নং জয়সাগৰত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ,ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিষ্ঠা দিৱস পালন।
নলবাৰীৰ বিভিন্ন প্ৰান্তত সমদল বাহিৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ১ নং জয়সাগৰত আজি আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। আজি ২৪ জুনৰ দিনা সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষজুৰি বিভিন্ন ঠাইত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ,ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে আজি বৰক্ষেত্ৰী সমষ্টিৰ ১ নং জয়সাগৰত আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ,ৰাষ্ট্ৰীয় বজৰং দলে এখন সজাগতা সভাও অনুষ্ঠিত কৰে। ইয়াৰ পিছতে বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত এক বৃহৎ সমদল বাহিৰ কৰে সংগঠনটোৱে।‌

এই উপলক্ষে আয়োজিত অনুষ্ঠানটোত উপস্থিত থাকে ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ, অসম প্ৰদেশৰ শিক্ষা সম্পাদিকা নমিতা বৰ্মণ, অসম প্ৰদেশৰ বিভাগ সভাপতি ডিম্বেশ্বৰ দাস, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নলবাৰী জিলাৰ সভাপতি অজিত তালুকদাৰ, সম্পাদক পিকু তালুকদাৰ,কাৰ্যবাহী সভাপতি মৃগেন বায়ন,নলবাৰী জিলাৰ মজনুৰ পৰিষদৰ সভাপতি চানি দাস,আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ মুকালমুৱা প্র-খণ্ডৰ সভাপতি বিকাশ দাস,সম্পাদক সঞ্জিত তালুকদাৰ, ৰাষ্ট্ৰীয় বজৰং দলৰ মুকালমুৱা প্র-খণ্ডৰ সম্পাদক দিগন্ত বৈশ্য প্ৰমুখ্যে ভালেমান বিষয়ববীয়া উপস্থিত থাকে।

উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল হৈছে মূলতঃ হিন্দু জাতীয়তাবাদৰ ওপৰত ভিত্তি কৰি গঠিত ভাৰতীয় সোঁপন্থী হিন্দু সংগঠন। উল্লেখ্য যে ২০১৮ চনত ২৪ জুনত আত্মপ্ৰকাশ কৰা আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদ তথা ৰাষ্ট্ৰীয় বজৰং দল নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হৈছে ডাঃ প্ৰবীণ ভাই টোগাৰীয়া। সংগঠনটোৰ মূল উদ্দেশ্য হৈছে হিন্দু সমাজখনক সংগঠিত কৰা, একত্ৰিত কৰা আৰু হিন্দু ধৰ্মৰ সেৱা আৰু সুৰক্ষা কৰা, হিন্দু সমৃদ্ধি , সুৰক্ষা আৰু ধৰ্মান্তৰকৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সৈতে মোকাবিলা কৰা।

Related Articles