শৰাইঘাট নাট্য গোষ্ঠীৰ উদ্যোগত জনকল্যাণ ছ’চাইটি, সাংস্কৃতিক বিদ্যালয় আৰু আলোক প্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত গুৱাহাটীত মহা অম্বুবাচী ভক্ত সেৱাৰ আয়োজন

ঐতিহাসিক আৰু ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীত মহাপীঠ মাঁ কামাখ্যাৰ পবিত্ৰ অম্বুবাচী মেলা উপলক্ষে ভক্ত সেৱাৰ এক বিশেষ কাৰ্যসূচী ৰূপায়িত হয়। শক্তি সাধনাৰ মহান ক্ষেত্ৰ নীলাচল পাহাৰত দেৱী কামাখ্যাৰ বাৰ্ষিক অম্বুবাচী প্ৰবৃত্তিৰ সমান্তৰালভাৱে নামনি অসমৰ বিভিন্ন প্ৰান্তত ভক্তসকলৰ বাবে সেৱামূলক শিবিৰ মুকলি কৰা হৈছে।এই পবিত্ৰ কাৰ্যত পূৰ্ণভাৱে সক্ৰিয় সহযোগ গ্ৰহণ কৰি যোৱা বুধবাৰে নিশা শৰাইঘাট নাট্য গোষ্ঠীৰ উদ্যোগত জনকল্যাণ ছ’চাইটি,সাংস্কৃতিক বিদ্যালয় আৰু আলোক প্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত গুৱাহাটীত মহা অম্বুবাচী ভক্ত সেৱাৰ আয়োজন কৰা হয়।

অম্বুবাচী মেলাৰ বাবে দেশ-বিদেশৰ পৰা অহা অগণন ধৰ্মপ্ৰাণ ৰাইজক আদৰণি জনাবলৈ তথা তেওঁলোকৰ সুবিধাৰ্থে কিছু খাদ্য আৰু খোৱাপানী সেৱাৰ ব্যৱস্থা যোগান ধৰা হয়। উল্লেখযোগ্য যে, যোৱা নিশাৰ তীব্ৰ প্ৰতিকূল বতৰ তথা বৰষুণকো নেওচি শৰাইঘাট নাট্য গোষ্ঠীৰ সাধাৰণ সম্পাদক চন্দন জ্যোতি দাস(ৰিংকু) ৰ নেতৃত্বত এটি ১৫ জনীয়া দলে মাঁ কামাখ্যা ধামলৈ অহা অগণন ভক্তক খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। ইপিনে, এই মানৱ সেৱাৰ মহান কাৰ্যসূচীত জনকল্যাণ ছ’চাইটিৰ সভাপতি তথা বিশিষ্ট শিল্পী, সমাজসেৱক, প্ৰতিষ্ঠাপক ব্যৱসায়ী আৰু সাপ্তাহিক ‘জনকল্যাণ বাৰ্তা’ কাকতৰ স্বত্বাধিকাৰী তথা সম্পাদক কুমুদ নাথে উপস্থিত থাকি সক্ৰিয়ভাৱে সহযোগ কৰে। এই ১৫ জনীয়া দলটোৰ কৰ্মকৰ্তাসকলৰ লগতে জয়ন্ত দাস, জয়ন্ত বড়ো’ বিজু শৰ্মা, মুকুট দাস,লিটুল দাস,নিটুল দাস,সঞ্জয় দাস,পঞ্চায়ত সদস্য ৰতন বড়োৰ লগতে সাংবাদিক নিতোপন মেধি আৰু বাকী সকল সদস্যই পবিত্ৰ অনুষ্ঠানটি সফল কৰাত অহোপুৰুষাৰ্থ চেষ্টা কৰে। মা কামাখ্যাৰ চৰণত ভক্তিপূৰ্ণ প্ৰণিপাত জনাই প্ৰতি বছৰে এনেদৰে মানৱ সেৱাৰ কামত বৰ্তী তেওঁলোক।


সনাতন ধৰ্মৰ ৫১ টা শক্তিপীঠৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ পীঠ হ’ল গুৱাহাটীৰ কামাখ্যা ধাম। ধৰ্মীয় বিশ্বাস অনুসৰি, অম্বুবাচীৰ এই দিনকেইটাত জগতজননী মা কামাখ্যা ঋতুধৰ্ম পালন কৰে। যাৰ বাবে এই সময়ছোৱাত ধৰিত্ৰী আইক পবিত্ৰ বুলি গণ্য কৰা হয় আৰু কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ ৰখা হয়। চতুৰ্থ দিনা দেৱীৰ মহাস্নান আৰু বিশেষ পূজা-অৰ্চনাৰ অন্তত মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হয়। দেৱীৰ এই অলৌকিক শক্তি আৰু আশীৰ্বাদ ল’বলৈ ধৰালৈ নামি আহে লক্ষ লক্ষ সাধু-সন্ত আৰু ভক্তৰ লহৰ। কামাখ্যা দেৱীক সতীৰ যোনিপীঠ হিচাপে পূজা কৰা হয়, যি সৃষ্টি আৰু উৰ্বৰতাৰ প্ৰতীক।


এই ভক্ত সেৱা শিবিৰত অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকি আধ্যাত্মিক পৰিৱেশটো অধিক জিলিকাই তোলে।শেষত আলোক প্ৰভঞ্জন ৱেলফাৰ চ’ছাইটিৰ সভাপতি শংকৰ গোহাঁই উপস্হিত থাকিব পৰা নাই যদিও কাৰ্য্যসূচীটো সাফল্য মণ্ডিত কৰা বাবে শৰাইঘাট নাট্য গোষ্ঠী ও জনকল্যাণ চ’ছাইটিৰ সমূহ কৰ্মকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰে।

Related Articles