পুনৰ অসম ধ্বংসৰ ষড়যন্ত্ৰ ৰঙা চীনৰ। এইবাৰ পুনৰ অসম তথা ভাৰতৰ বিৰুদ্ধে জলযুদ্ধ আৰম্ভ কৰিছে চীনে। শেহতীয়া খবৰ অনুসৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিৰ্মাণ কৰি আছে বিশাল জলবিদ্যুৎ প্ৰকল্প । যি প্ৰকল্পই হঠাতে বিপদ নমাই আমিব পাৰে অসমলৈ, শুকাই যাব পাৰে অসমৰ জীৱনৰেখা ব্ৰহ্মপুত্ৰ নদ। ভাৰতীয় সীমান্তৰ পৰা ৫০ কিলোমিটাৰ দূৰত্বত থকা ইয়াৰলুং ছাংপো নদীৰ নিম্ন অংশত বান্ধটো নিৰ্মাণ কৰি আছে চীনে।
বান্ধটো নিৰ্মাণ হ’লে ভাৰতত ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰিব।চীনে সেই জলবিদ্যুৎ বান্ধ নিৰ্মাণৰ কথা আগেয়ে ঘোষণা কৰিছিল। শেহতীয়াকৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। আৰু সেইটোৱে দিল্লীৰ অস্বস্তি বৃদ্ধি কৰিছে। ভাৰতীয় চোৰাংচোৱা আৰু উপগ্ৰহৰ ছবিৰ পৰা লাভ কৰা তথ্যই দেখুৱাইছে যে যোৱা কেইমাহমানত বান্ধ নিৰ্মাণৰ কাম বহুখিনি আগবাঢ়িছে। আন্তঃসীমান্ত অঞ্চলটোৰ এখন নদীৰ ওপৰত ইমান বিশাল বান্ধ নিৰ্মাণক কেন্দ্ৰ কৰি উদ্বেগ বৃদ্ধিৰ যথেষ্ট কাৰণ আছে। ইয়াৰ্লুং ছাংপো নদীৰ ওপৰত চীনে জলবিদ্যুত বান্ধটো নিৰ্মাণ কৰি আছে। এই নদীখনৰ উৎপত্তি তিব্বতত, অৰুণাচল প্ৰদেশৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে, তাত নদীখনক ছিয়াং বুলি কোৱা হয়।
অসমত প্ৰৱেশ কৰি ইয়াৰ নাম হৈছে ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ ভাৰতীয়ৰ জীৱিকা।বিশেষজ্ঞসকলৰ মতে যদি বান্ধটো নিৰ্মাণ কৰা হয় তেন্তে গ্ৰীষ্মকালত তলৰ অৱবাহিকাত পানীৰ স্তৰ ৮৫ শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে। ফলত ভাৰত আৰু বাংলাদেশৰ কৃষি কামত ব্যাঘাত জন্মিব, লগতে ঔদ্যোগিক উৎপাদনতো ব্যাঘাত জন্মিব। বাৰিষাৰ সময়ত অতিৰিক্ত পানী এৰি দিলে অৰুণাচল আৰু অসমৰ এক বৃহৎ অঞ্চল বন্যাৰ্ত হৈ পৰিব পাৰে।
কেৱল সেয়াই নহয়, জলবিদ্যুৎ বান্ধ নিৰ্মাণ হ’লে পানীৰ স্বাভাৱিক প্ৰবাহত ব্যাঘাত জন্মিব, লগতে পলস বহণৰ স্বাভাৱিক প্ৰক্ৰিয়াও বিঘ্নিত হ’ব। ইপিনে বেইজিঙে দাবী কৰিছে যে জলবিদ্যুৎ প্ৰকল্পটোৰ মূল লক্ষ্য হৈছে বিদ্যুৎ উৎপাদন। ইয়াৰ দ্বাৰা আন কোনো দেশৰ কোনো ক্ষতি নহ’ব। কিন্তু ভাৰতে ৰিস্ক ল’বলৈ অনিচ্ছুক। পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে ভাৰতে। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ২০২৫ চনৰ জুলাই মাহত চাংহাই সহযোগিতা সংস্থাত অংশগ্ৰহণ কৰিবলৈ গৈছিল।তেওঁ তাতেই বিষয়টো উত্থাপন কৰিছিল।

