এছিয়ান গেইমছৰ স্বৰ্ণ পদক বিজেতা বক্সাৰ ডিংকো সিঙৰ দেহাৱসান১৯৯৮ চনত বেংককত অনুষ্ঠিত সংস্কৰণত এছিয়ান গেইমছৰ স্বৰ্ণ বিজয়ী বেণ্টমৱেট বক্সাৰ নাংগোম ডিংকো সিঙৰ বৃহস্পতিবাৰে মৃত্যু হয়।ডিংকোৱে কেইবা বছৰ ধৰি স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছিল। শেহতীয়াকৈ তেওঁ যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ২০১৭ চনৰ পৰা চিকিৎসাধীন হৈ আছিল।যোৱা বছৰ তেওঁ ক’ভিড-১৯ ত আক্ৰান্ত হোৱাত সন্মুখীন হৈছিল আন এক প্ৰত্যাহ্বানৰ। চিকিৎসকৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত অৱশ্যে ৪১ বছৰীয়া প্ৰাক্তন বক্সাৰজনে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছিল।ডিংকোই ইম্ফললৈ উভতি অহাৰ পূৰ্বে ২০২০ চনৰ জানুৱাৰিত দিল্লীৰ ইনষ্টিটিউট অব লিভাৰ এণ্ড বিলিয়াৰী চাইন্সেছত (আইএলবিএছ) ৰেডিয়েশ্যন থেৰাপি কৰাইছিল।কিন্তু এপ্ৰিলত তেওঁৰ অৱস্থা অধিক অৱনতি ঘটাত ডিংকোক পুনৰ একেখন চিকিৎসালয়তে ভৰ্তি কৰোৱা হৈছিল। তেওঁ জণ্ডিচতো আক্ৰান্ত হৈছিল।মণিপুৰত জন্মগ্ৰহণ কৰা ডিংকোক ১৯৯৮ চনত অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল আৰু ২০১৩ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হৈছিল।উল্লেখ্যে যে ডিংকোৱে ভাৰতীয় নৌসেনাত নিযুক্তি লাভ কৰাৰ লগতে স্বাস্থ্যজনিত সমস্যাৰ বাবে ঘৰত আৱদ্ধ হৈ থকাৰ পূৰ্বে তেওঁ প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…