জোনাইত উটি গ’ল কেমি-জেলম সংযোগী লোহাৰ দলং

ৰাজ্যৰ বিভিন্ন স্থানত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ সংহাৰী ৰূপ আৰু ধাৰাসাৰ বৰষুণৰ বাবে খৰস্ৰোতা নদীসমূহৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে৷ উত্তৰ অসমৰ উপৰি বিভিন্ন জিলাৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বাবে নদীপৰীয়া অঞ্চলত আশংকাজনক অৱস্থাৰ সৃষ্টি হৈছে৷ ঘৰ-দুৱাৰ পানীৰ তললৈ যোৱাৰ লগতে খহনীয়াৰ কৱলত পৰি বহু লোক গৃহহীন হৈ পৰিছে৷ অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাই অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ কেমি, দিখাৰী আৰু লেকু নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে৷ প্ৰাপ্ত তথ্য অনুসৰি, খৰস্ৰোতা কেমি নদীৰ জলস্তৰ হঠাতে বৃদ্ধি পোৱাৰ ফলত কেমি-জেলম সংযোগী প্ৰায় ৩০০ মিটাৰ দৈৰ্ঘ্যৰ লোহাৰ দলংখন নৈৰ প্ৰচণ্ড সোঁতে উটুৱাই নিয়ে৷ উল্লেখযোগ্য যে, প্ৰায় দুবছৰ পূৰ্বে কেইবা লাখ টকা ব্যয় কৰি এই দলংখন নিৰ্মাণ কৰা হৈছিল৷

দলংখন উটি যোৱাৰ ফলত কেমি-পুৰণি জেলম অঞ্চলৰ সৈতে জোনাই সদৰৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে৷ ইয়াৰ ফলত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী আৰু সাধাৰণ লোকসকলে চূড়ান্ত দুৰ্ভোগৰ সন্মুখীন হৈছে৷ এজন স্থানীয় বাসিন্দাই অভিযোগ কৰি কয় যে, তেওঁলোকে বহু দিন ধৰি এখন স্থায়ী পকী দলঙৰ দাবী জনাই আহিছিল যদিও সৰু লোহাৰ দলং নিৰ্মাণ কৰা হৈছিল, যি এতিয়া বানত উটি গৈছে৷ ফলত চাৰিখনকৈ গাঁৱৰ লোক সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে আৰু শিক্ষাৰ ক্ষেত্ৰতো গভীৰ প্ৰভাৱ পৰিছে৷ ইফালে দিখাৰী নৈৰ বাঢ়নী পানীয়ে জোনাইত আতংকৰ সৃষ্টি কৰিছে৷ তেলাম কৰৈবাৰী অঞ্চলৰ এটা চাপৰিত ১৫জনতকৈও অধিক লোক আবদ্ধ হৈ পৰে৷ হঠাতে পানী বৃদ্ধি পোৱাৰ ফলত চাপৰিটোৰ চাৰিওফালে পানীয়ে বুৰাই পেলায় আৰু লোকসকল সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ’ব নোৱাৰিলে৷ ইতিমধ্যে স্থানীয় ৰাইজে প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছে আৰু এছডিআৰএফ বাহিনীৰ সহায়ত উদ্ধাৰ অভিযান চলোৱা হৈছে৷ আনহাতে, অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা লেকু নৈয়েও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷

লেকুস্থিত ৫১৫ নং চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰি যোৱাত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ ফলত অসম আৰু অৰুণাচলৰ মাজৰ যোগাযোগ ব্যৱস্থাও গুৰুতৰভাৱে ব্যাহত হৈছে৷ ইফালে অয়ান নৈৰ বাঢ়নী পানীয়ে দুখন ধাবা বুৰাই পেলোৱাত দুগৰাকী মহিলাসহ মুঠ ছয়জন লোক আবদ্ধ হৈ পৰে৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে অৰুণাচল প্ৰদেশৰ ৰুকচিন আৰু পাচীঘাটৰ এছডিআৰএফ বাহিনী, জোনাইৰ এছডিআৰএফ, আৰক্ষী আৰু স্থানীয় ৰাইজে যৌথভাৱে উদ্ধাৰ অভিযান চলায়৷ বহু প্ৰচেষ্টাৰ অন্তত আটাইকেইজন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বৰ্তমানো অঞ্চলটোত বৰষুণ অব্যাহত থকাৰ ফলত বানপৰিস্থিতি অধিক সংকটজনক হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে৷

Related Articles