শ শ বিলুপ্তপ্ৰায় টোকোৰা চৰাইয়ে আশ্ৰয় লৈদৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে ঢকুৱাখনাৰ ভবেন বৰাৰ বাসগৃহৰ চৌহদত।ফলত বৰাৰ পৰিয়ালে শুনিবল লগা হৈছে কৃষকৰ গালি !কোনো লোকৰ পোহনীয়া হাঁহ,কুকুৰা চুবুৰীয়াৰ বাৰীত সোমাই অনিষ্ট কৰিলে সেই চুবুৰীয়াই গৃহস্থক গালি পৰা আপুনি নিশ্চয় দেখিছে বা
শুনিছে।কিন্তু এইবাৰ এজাক বন্যপক্ষীক নিজৰ গৃহত বিগত পাঁচ বছৰ আশ্ৰয় দি অহাৰ বাবে গাঁৱৰ একাংশ কৃষক লোকৰ গালি-শপনিও শুনিব লগাত পৰিছে ঢকুৱাখনাৰ এঘৰ গৃহস্থই।শ শ টোকোৰা চৰাইৰ মাতেৰে মুখৰিত,আৰু বাঁহেৰে পৰিবেষ্টিত নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে ঢকুৱাখনাৰ অমুদ বৰবাৰী গাঁৱৰ ভবেন বৰাৰ বাসগৃহত।বিগত প্ৰায় পাঁচ বছৰ ধৰি পক্ষী অভিযন্তাৰূপে খ্যাত শ শ টোকোৰা চৰাইয়ে লোকজনৰ বাৰীৰ তামোল গছত বাহ সাজি,কণী পাৰি পোৱালী জগাই আহিছে।এই চৰাইবোৰ জাকে জাকে গৈ গাঁৱৰ,চুবুৰীয়া কৃষকৰ পথাৰত পকিবলৈ ধৰা-আহু,আৰু বড়ো ধানৰ ঠোঁক খায় অনিষ্ট কৰি আহিছে কৃষক ৰাইজৰ।ফলত টোকোৰা চৰাইবোৰক নিজৰ বাৰীৰ পৰা বাঁহ ভাঙি খেদিবলৈ কৈ আহিছে বহু কৃষকে ভবেন বৰাৰ পৰিয়ালক।পিছে নিজৰ বাৰীৰ তামোল গছত পোহনীয়া চৰাইৰ দৰেই আশ্ৰয় লৈ থকা টোকোৰা জাকক নেখেদাৰ বাবে মাজে মাজে একাংশ কৃষক ৰাইজৰ গালি-শপনিও শুনিব লগাত পৰিছে পক্ষী প্ৰেমী ভৱেন বৰাৰ পৰিয়ালে। উল্লেখ্য যে ভৱেন বৰাৰ বাৰীত টোকোৰা চৰাইৰ লগতে ঘৰচিৰিকা,শালিকা,চুতীয়া শালিকা,ভদৰকলি আদি বিভিন্ন চৰাইয়েও আশ্ৰয় লৈ আহিছে প্ৰতিবছৰে।বৰাৰ ঘৰৰ প্ৰতিজন সদস্যই পক্ষীকুলক মৰম কৰাৰ বাবেইনিৰ্ভয়ে বনৰীয়া চৰাইবোৰে বাহ সাজি আপোন মনে থাকিব পাৰিছে নিৰাপদে। উল্লেখ্য যে নগৰীকৰণ আৰু ম’বাইল টাৱাৰৰ কু-প্ৰভাৱৰলগতে বৰ্তমান সময়ত প্ৰায়বোৰ গাঁৱতে কৰা আহুখেতি নকৰা হোৱাৰ ফলত ক্ৰমে বিলুপ্তিৰ পথলৈ আগবাঢ়িছে টোকোৰা চৰাইৰ।টোকোৰা চৰাইক-IUCN ৰ ৰেড লিষ্টত least concern বুলি চিহ্নিত কৰা হৈছে যদিও টোকোৰা চৰাইৰ সংৰক্ষণৰ বাবে বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনবোৰেও উপযুক্ত সজাগতামুলক ব্যৱস্থা গ্ৰহণনকৰাত অসমৰ গাঁৱে ভূঞে অৱশিষ্ট ৰূপত থকাটোকোৰা চৰাইবোৰো এতিয়া দুষ্প্ৰাপ্য হৈ গৈ আছে প্ৰতিবছৰে।এনে সময়ত ঢকুৱাখনাৰ ভবেন বৰাৰ বাৰীত বিগত পাঁচ বছৰে টোকোৰা চৰাইবোৰে বাহ সাজি থকাতো এক সুভ লক্ষণ।ভবেন বৰাৰ বাৰীৰ এই টোকোৰা চৰাইৰ বাহ আৰু সিহঁতৰ কলৰব্ শুনিবলৈ এতিয়া একাংশ স্থানীয় প্ৰকৃত প্ৰেমী লোকৰ লগতে বাটৰুৱাইওঅমুদ বৰবাৰীলৈ গৈ ভিৰ কৰা পৰিলক্ষিত হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গভীৰ নিশা ৰাতিৰ আহাৰ কিয় এৰাই চলিব লাগে জানেনে? আছে ৪টা ডাঙৰ কাৰণ…
- আহমেদাবাদৰ বিদ্যালয় কৰ্তৃপক্ষলৈ সন্ত্ৰাসৰ ভাবুকি ভৰা ই-মেইল…
- ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ পুনৰ যাব মহাকাশলৈ…
- পিত্তথলীৰ পাথৰ কেনেকৈ হয়? ভাৰতী সিঙে বদহজম বুলি ভবা বিষটো পিত্তথলীৰ সমস্যা হৈ পৰিল…
- ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…
- বৃদ্ধ বয়সতো আপোনাৰ মগজু চোকা কৰি ৰাখিব বিচাৰে নেকি? দৈনিক এই ৫ টা বিধ জুচ খাবলৈ আৰম্ভ কৰক…
- লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…
- বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT! FLIRT ৰ লক্ষণ কি কি…
- নতুন সপ্তাহত ভাৰতীয় ষ্টক মাৰ্কেটত মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰ বৃদ্ধি…
- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে অসমত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী!