চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে বসবাস কৰা জামুগুৰিহাটৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ চকীঘাটত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত বিগত সময়ত শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ চলাই হাজাৰ হাজাৰ ভূমি বেদখলমুক্ত কৰাৰ পিছতেই সেই স্থানত চতিয়া সমষ্টিৰ নিবনুৱা যুৱকসকলে কৃষিকৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’বৰ বাবে কৃষিকাৰ্যত হাত দিছিল যদিও নিৰ্বাচনৰ ফলাফলৰ পূৰ্ৱেও খেতি বাতি নষ্ট কৰাৰ লগতে বাৰে বাৰে দুস্কৃতিকাৰীৰ দলে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিয়েই আহিছে৷আজিও জামুগুৰিহাটৰ চকীঘাটত সন্দেহজনক নাগৰিকৰ কবলৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনে বেদখলমুক্ত কৰা চৰকাৰী মাটিত কৃষি কৰ্ম কৰা খিলঞ্জীয়া যুৱকৰ কৃষি পামত দিনদুপৰতে দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা বিৰাজ কৰিছে।বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ পাছতে ইয়াত ৫২টা আত্মসহায়ক গোটে সেই মাটিত কৃষি কৰ্মত মনোনিবেশ কৰিছিল।কিন্তু আজি দিনদুপৰতে সমন্বয় আত্মসহায়ক গোটৰ মাটিত থকা গৃহত একাংশ দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে।প্ৰত্যক্ষদৰ্শীৰ মতে অগ্নিসংযোগ কৰি দুষ্কৃতিকাৰীৰ দলটো পলাই যায় যদিও নাতিদুৰত কৃষি কৰ্মত নিয়োজিত হৈ থকা আন এটা আত্মসহায়ক গোটৰ সদস্যই এই ঘটনা প্ৰত্যক্ষ কৰি ঘটনাস্থলীত উপস্থিত হৈ এই সন্দৰ্ভত জামুগুৰি আৰক্ষীক অৱগত কৰাই।ততাতৈয়াকৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পয্যবেক্ষণ কৰাৰ লগতে অপৰাধীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে যদিও এই পৰ্য্যন্ত অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।ইফালে ঘটনাস্থলীত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ খিলঞ্জীয়া যুৱকৰ কৃষি কৰ্মৰ ওপৰত দুষ্কৃতিকাৰীয়ে চলোৱা এই ঘটনা কোনো কাৰণতে মানি লোৱা নহব বুলি উল্লেখ কৰি আমাৰ খিলঞ্জীয়া যুৱকে এই মাটি যিদৰে দখল কৰি কৃষিকাৰ্য সম্পন্ন কৰাত হাত দিছে সেয়া কোনো কাৰণতে বন্ধ কৰিব নোৱাৰে আৰু মই আমাৰ সেইসকল যুৱকৰ লগত আছো বুলি উল্লেখ কৰি বিধায়ক পদ্ম হাজৰিকাই কয় যে আমাৰ মাটিৰ ওপৰত আমাৰ অধিকাৰ সাব্যস্ত কৰিবই লাগিব আৰু এই দুষ্কাৰ্য্যৰ লগত জড়িত অপৰাধীয়ে দৃষ্টান্তমুলক শাস্তি পাব বুলিও হুংকাৰ দিয়ে বিধায়ক হাজৰিকাই৷।উল্লেখ্য যে সন্দেহজনক নাগৰিকৰ কবলৰ পৰা বেদখলমুক্ত কৰা এই মাটি এটি দুষ্ট চক্ৰই পুনৰ দখল কৰাৰ চেষ্টা চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- EDৰ অভিযানঃ নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ চাৰ্ভেণ্টৰ ঘৰত টকাৰ পাহাৰ…
- অযোধ্যাৰ ৰাম মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূজা-অৰ্চনা…
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…