ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰুৰ বেহা ৷ বৃহস্পতিবাৰে পুৱা ছয়গাঁও আৰক্ষীয়ে ছয়গাঁৱৰ নিকটৱৰ্তী বৰটাৰীত জব্দ কৰে ১১ টাকৈ চোৰাং গৰুসহ গৰু কঢ়িওৱা বাহন ৷ লগতে আটক কৰে দুজন লোক ৷ জানিবপৰামতে কুকুৰমাৰাৰ পৰা বৰটাৰীলৈ যোৱা পথটোৰে চোৰাং গৰু সৰবৰাহৰ তথ্য ছয়গাঁও আৰক্ষীয়ে লাভ কৰাৰ পিচত বিগত কেইবাদিনো ধৰি ছয়গাঁও আৰক্ষীয়ে চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দ কৰাৰ বাবে গোপন অভিযান চলাই আছিল ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় ৮ বজাত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠক আৰু কুকুৰমাৰা পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বসন্ত কলিতান যৌথভাৱে চলোৱা এক অভিযানত এ এছ ২৫ চি চি ৮১৯৪ নম্বৰৰ বাহনখন বৰটাৰীত জব্দ কৰিবলৈ সক্ষম হয় ৷ বাহনখনত ১১ টা গৰু কঢ়িয়াই আনিছিল ৷ লগতে বকোৰ মাহতলীৰ মোক্ৰম আলী আৰু গৰৈমাৰীৰ কান্দুলিমাৰীৰ দিলবৰ আলী নামৰ লোক দুজনকো আটক কৰে ৷ জানিবপৰামতে উক্ত বাহনখন দক্ষিণ কামৰূপৰ বিজয়নগৰৰ পৰা বকোৰ সোণতলীলৈ দিশে গৈ আছিল ৷ উক্ত বাহনখনে কুকুৰমাৰা হৈ বৰটাৰীৰে মথাউৰিত উঠি মথাউৰিৰে সোণতলীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷ উল্লেখযোগ্য যে পূৰ্বে ছয়গাঁৱৰ গুমি পথেৰে চোৰাং গৰুৰ চালান হৈ আছিল ৷ কিন্ত উক্ত পথটোত আৰক্ষীৰ চোকা পহৰা থকাৰ বাবে চোৰাং গৰু বেপাৰী সকলে পথ সলাই নতুনকৈ কুকুৰমাৰা বৰটাৰী পথটো বাছি লৈছে ৷ এই তথ্য লাভ কৰাৰ পিচতেই ছয়গাঁও আৰক্ষীয়ে কুকুৰমাৰা বৰটাৰী পথটোতো চোকা নজৰ দি আছি ৷ যাৰ ফলত বৃহস্পতিবাৰে চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…