ভাৰতত নিৰ্মাণ হ’ব প্ৰথমটো ওপঙা বিমান বন্দৰ

ভাৰতৰ বিমান পৰিবহণ খণ্ডত এক ঐতিহাসিক পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে মহাৰাষ্ট্ৰ৷ দেশখনত প্ৰথমবাৰৰ বাবে পানীৰ ওপৰত ভাহি থকা বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ এই অভিনৱ প্ৰকল্প বাস্তৱায়িত হ’লে ভাৰতৰ আন্তঃগাঁথনি উন্নয়নত এক নতুন অধ্যায় সূচনা হ’ব বুলি ধাৰণা কৰা হৈছে৷ মহাৰাষ্ট্ৰ চৰকাৰে পশ্চিম উপকূলত এই ফ্লোটিং এয়াৰপ’ৰ্ট স্থাপন কৰাৰ বাবে প্ৰাথমিক পৰিকল্পনা আৰম্ভ কৰিছে৷ ইতিমধ্যে প্ৰস্তাৱিত স্থানত বিমানবন্দৰ নিৰ্মাণৰ বাবে এক বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে৷ লগতে এই বিমানবন্দৰক ‘উত্তন-বিৰা ছি লিংক’ৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছে৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছে সংশ্লিষ্ট বিষয়াসকলক দ্ৰুত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে৷ ফ্লোটিং এয়াৰপ’ৰ্ট বুলিলে সাধাৰণতে সাগৰৰ ওপৰত কৃত্ৰিম দ্বীপ সৃষ্টি কৰি তাত বিমানবন্দৰ নিৰ্মাণ কৰা বুজায়৷ এই ধৰণৰ বিমানবন্দৰ পানীৰ ওপৰত স্থাপন কৰা হয় আৰু উন্নত প্ৰযুক্তিৰ সহায়ত স্থিৰ কৰি ৰখা হয়৷ বিশ্বৰ কেইবাখনো দেশত ইতিমধ্যে এনে ধৰণৰ বিমানবন্দৰ সফলভাৱে কাৰ্যকৰী হৈছে৷ বিশেষকৈ জাপান, চীন আৰু দক্ষিণ কোৰিয়াত এই প্ৰযুক্তিৰ ব্যৱহাৰে বিমান পৰিবহণ ব্যৱস্থাক অধিক উন্নত কৰিছে৷ বিশেষজ্ঞসকলৰ মতে, জনবহুল অঞ্চলত বৃহৎ পৰিসৰৰ মাটি উপলব্ধ নোহোৱাৰ বাবে এই ধৰণৰ বিমানবন্দৰ এক বিকল্প সমাধান হিচাপে আগবাঢ়ি আহিছে৷ এই প্ৰকল্পই মুম্বাই মহানগৰ অঞ্চলৰ যাতায়াত ব্যৱস্থা আৰু অৰ্থনৈতিক গতিশীলতাত যথেষ্ট প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে৷

তীব্ৰবেগী ৰে’ল, আধুনিক এক্সপ্ৰেছ ৱে’ আৰু সাগৰীয় বন্দৰৰ সৈতে এই বিমানবন্দৰ সংযুক্ত হ’লে সমগ্ৰ অঞ্চলটো এক শক্তিশালী পৰিবহণ কেন্দ্ৰ হিচাপে বিকাশ লাভ কৰিব৷ চৰকাৰী তথ্য অনুসৰি, পালঘৰ জিলাৰ কোৰে বীচৰ সমীপত এই বিমানবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে৷ অনুমান কৰা হৈছে যে বছৰি প্ৰায় জ্ঝ কোটি যাত্ৰী এই বিমানবন্দৰৰ সুবিধা লাভ কৰিব৷ ইয়াৰ উপৰি বাধৱন সাগৰীয় বন্দৰ আৰু সংযোগী এক্সপ্ৰেছ ৱে’ও এই বৃহৎ প্ৰকল্পৰ অন্তৰ্গত থাকিব৷ সামগ্ৰিকভাৱে, এই ফ্লোটিং এয়াৰপ’ৰ্ট প্ৰকল্প বাস্তৱায়িত হ’লে ই ভাৰতৰ পৰিবহণ ব্যৱস্থা আৰু অৰ্থনীতিত এক নতুন দিশ উন্মোচন কৰিব৷ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে এই উদ্যোগে দেশখনক বিশ্বৰ উন্নত পৰিকাঠামোযুক্ত দেশসমূহৰ শাৰীত আগবঢ়াই নিব৷

Related Articles