সিন্ধু নদীৰ পানী বণ্টনক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা ক্ৰমাৎ তীব্ৰ হৈ উঠিছে৷ ভাৰতৰ দ্বাৰা সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছতে পাকিস্তানে কঠোৰ সুৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুদ্ধসদৃশ ভাবুকি দিয়াৰ অভিযোগ উঠিছে৷ সোমবাৰে পাকিস্তানৰ তথ্য মন্ত্ৰী আতাউল্লাহ তাৰা আৰু জলবায়ু মন্ত্ৰী মুছাদ্দিক মালিকে এক সংবাদ মেলত ভাৰতৰ বিৰুদ্ধে তীব্ৰ ভাষাত আক্ৰমণ চলায়৷ তেওঁলোকৰ বক্তব্যত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো লক্ষ্য কৰি লোৱা হয়৷ বিশেষকৈ মুছাদ্দিক মালিকে কয় যে, ভাৰতে যদি পাকিস্তানলৈ যোৱা পানী বন্ধ কৰাৰ চেষ্টা কৰে তেন্তে তাৰ ফল ভয়ংকৰ হ’ব৷ পাকিস্তানী সংবাদ মাধ্যমৰ তথ্য অনুসৰি, মুছাদ্দিকে অভিযোগ কৰে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সকলো নিজৰ নিয়ন্ত্ৰণত থকাৰ দৰে আচৰণ কৰি আছে আৰু পাকিস্তানলৈ এটোপাল পানীও যাব নোৱাৰা ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইয়াৰ প্ৰতিক্ৰিয়াত তেওঁ তীব্ৰ সুৰত কয়, ‘আমাৰ প্ৰাপ্য পানী বন্ধ কৰিবলৈ চেষ্টা কৰা হ’লে হাত কাটি পেলোৱা হ’ব৷’
এই মন্তব্যৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ আনহাতে, আতাউল্লাহ তাৰাই কয় যে কোনো এখন দেশে একপক্ষীয়ভাৱে এনে আন্তঃৰাষ্ট্ৰীয় চুক্তি স্থগিত ৰাখিব নোৱাৰে আৰু ভাৰতৰ এই পদক্ষেপ আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰুদ্ধে বুলি তেওঁ দাবী কৰে৷ তেওঁলোকৰ মতে, এই বিষয়ত পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন লাভৰ বাবে আগবাঢ়িছে৷ ইফালে, মঙলবাৰে পাকিস্তানত এই বিষয়ত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে৷
এই আলোচনাত বিভিন্ন দেশৰ আইনজ্ঞ, জলসম্পদ বিশেষজ্ঞ আৰু বিদেশী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্য যে, পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত চ্ছজন লোকৰ মৃত্যু হোৱাৰ পিছতে ভাৰত চৰকাৰে পাকিস্তানৰ সৈতে থকা সিন্ধু জল সন্ধি স্থগিত ৰাখে৷ ভাৰতৰ মতে, এই চুক্তি বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি কৰা হৈছিল, কিন্তু পাকিস্তানৰ ভূমিৰ পৰা সংঘটিত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপে সেই আস্থা বহু আগতেই ভংগ কৰিছে৷ ভাৰত ইতিমধ্যে ৰাষ্ট্ৰসংঘক অৱগত কৰিছে যে দীৰ্ঘদিন ধৰি পাকিস্তানৰ পৰা হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু শত্ৰুভাবাপন্ন আচৰণৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ আনহাতে, পাকিস্তানে এই বিষয়ত ভাৰতৰ বিৰুদ্ধে ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগো উত্থাপন কৰা হৈছে৷ এই পৰিস্থিতিত, দুয়োখন দেশৰ মাজত কূটনৈতিক উত্তেজনা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷

