CCHMC । সপোন দেখিবলৈ সাহস থাকিলে আৰু সেই সপোন পূৰণৰ বাবে অধ্যৱসায় থাকিলে কোনো বাধাই সফলতাৰ পথ ৰুদ্ধ কৰিব নোৱাৰে। এই কথাকেই সঁচা প্ৰমাণ কৰিছে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অতি ভিতৰুৱা কৈলাশপুৰৰ টঙনা নগাঁৱৰ সন্তান, বিশ্বপ্ৰসিদ্ধ বিজ্ঞানী ড° ৰুবুল মাউতে।

এসময়ত বিজ্ঞান আৰু অংকৰ শিক্ষক নথকা এখন অ-প্ৰাদেশিকৃত বিদ্যালয়ত পঢ়া এজন গাঁৱলীয়া ল’ৰা আজি বিশ্বৰ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম Cincinnati Children’s Hospital Medical Center (CCHMC)-ৰ Immunobiology, Oncology আৰু Stem Cell & Organoid Medicine বিভাগত অধ্যাপক তথা Principal Investigator হিচাপে কৰ্মৰত। তেওঁৰ এই সাফল্যই কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে।
কৰ্কটৰোগৰ দৰে জটিল ৰোগৰ প্ৰতিষেধক আৰু মানুহৰ শৰীৰৰ প্ৰতিৰোধ তন্ত্ৰ (Immune System) অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ড° মাউতে একনিষ্ঠভাৱে গৱেষণা অব্যাহত ৰাখিছে। কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নিৰ্মিত প্ৰ’টিন অণুৰ জৰিয়তে মানুহৰ প্ৰতিৰোধ তন্ত্ৰ সক্ৰিয় কৰাৰ নতুন পদ্ধতি সম্পৰ্কীয় তেওঁৰ নেতৃত্বাধীন গৱেষণা বিশ্ববিখ্যাত বিজ্ঞান সাময়িকী Cell-ত প্ৰকাশ পোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহলত বিশেষ সঁহাৰি লাভ কৰে। শেহতীয়াকৈ তেওঁৰ গৱেষণাই আৰু অধিক অগ্ৰগতি লাভ কৰিছে।

এই অসাধাৰণ যাত্ৰাৰ আৰম্ভণি হৈছিল টঙনা নগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা। তাৰ পিছত কৈলাশপুৰ মধ্য ইংৰাজী বিদ্যালয় আৰু তেতিয়াৰ অ-প্ৰাদেশিকৃত কৈলাশপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি প্ৰথম বিভাগত মেট্ৰিক উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত তিনিচুকীয়াৰ চেনাইৰাম স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক, তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত পুণেৰ গৱেষণাৰ পথ অতিক্ৰম কৰি আমেৰিকালৈ যাত্ৰা কৰে।
উল্লেখযোগ্য যে পঞ্চম শ্ৰেণীৰ পৰা মেট্ৰিক পৰীক্ষালৈকে ৰুবুলে বিদ্যালয়ত বিজ্ঞান আৰু অংকৰ নিয়মীয়া শিক্ষক পোৱা নাছিল। সীমিত সুবিধাৰ মাজতো আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে তেওঁ আজি বিশ্বদৰবাৰত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে।
ড° মাউতৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ কাহিনী তেওঁ নিজৰ জনপ্ৰিয় গ্ৰন্থ “মোৰো এটা সপোন আছে”-ত সাৱলীলভাৱে বৰ্ণনা কৰিছে। এই গ্ৰন্থই বহু যুৱ-ছাত্ৰ-ছাত্ৰীক নতুন সপোন দেখিবলৈ আৰু লক্ষ্যৰ দিশে আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাই আহিছে।
ব্যস্ত গৱেষণাৰ মাজতো ড° ৰুবুল মাউতে কেতিয়াও পাহৰি নাযায় নিজৰ জন্মভূমি। আমেৰিকাত থাকিও তেওঁ নিয়মীয়াকৈ নিজৰ গাঁও, অঞ্চল আৰু ছাত্ৰ-ছাত্ৰীসকলৰ খবৰ লয়। শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ নতুন প্ৰজন্মক উৎসাহিত কৰি অহা এই বিজ্ঞানীগৰাকীৰ প্ৰতি স্থানীয় ৰাইজৰ বিশেষ শ্ৰদ্ধা আৰু মৰম আছে।
ড° ৰুবুল মাউতৰ এই সংগ্ৰামী জীৱনগাঁথাই পুনৰ এবাৰ প্ৰমাণ কৰিলে—সফলতাৰ বাবে ডাঙৰ চহৰ বা বিলাসী পৰিৱেশৰ প্ৰয়োজন নহয়; প্ৰয়োজন মাথোঁ সপোন দেখাৰ সাহস, অধ্যৱসায় আৰু নিজৰ ওপৰত অটল বিশ্বাস।

