কলিয়াবৰত সকলো স্থানতে পথ-পানী-পোহৰৰ ব্যৱস্থাৰে আগবঢ়াই নিয়াৰ নিৰলস প্ৰচেষ্টাত বিধায়ক আৰু শেহতীয়াকৈ এটা কাৰ্য্যকালৰ বাবে মন্ত্ৰীৰূপে কেশৱ মহন্ত নব্বৈ শতাংশ সফল হৈছে। তৎস্বত্বেও বিধায়ক-মন্ত্ৰীগৰাকীৰ এই পৰিকল্পনাত হেঙাৰ হৈ থিয় দিছে দুই-এটা পথে। এই অভিযোগ কলিয়াবৰৰ নিজৰি গাঁৱৰ পৰা হাটবাগান সংযোগী তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ গাঁওবাসীৰ।দীৰ্ঘদিন ধৰি প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা ৰাইজৰ হাজাৰ অনুনয়-বিনুনয় কৰাৰ পাছতো পকীকৰণৰ দূৰৰ কথাই মেৰামতিও নাই। সেয়ে প্ৰতি বাৰিষা জীয়াতু ভোগে এই সংযোগী পথছোৱাৰ পাৰ হৈ যোৱা গাঁওবসীয়ে। পথছোৱা খেতি-পথাৰলৈ যোৱা সাধাৰণতে বোকময় হৈ থকা পথ বুলি ভুল কৰিব কলিয়াবৰৰ নিজৰি গাঁৱৰ পৰা হাটবাগান সংযোগী এটা ব্যস্ত পথটো।সেই পথৰে দৈনিক কেইবা শতাধিক পথাচাৰী পাৰ হয়। ৩ কিলোমিটা দৈৰ্ঘ্যৰ হাটবৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই পথছোৱাই এতিয়া জলা-কলা খুৱাইছে অঞ্চলবাসীক। বাৰিষাতো বাদেই খৰালিতো যদি এজাক বৰষুণ দিয়ে এই পথছোৱা বোকাময় হৈ পৰে। স্থানীয় অঞ্চলবাসীৰ অভিযোগ অনুসৰি বহু বছৰ ধৰি এইছোৱা পথৰ দুৰৱস্থাই অঞ্চলবাসীক জীয়াতু ভোগাই আহিছে।
গাড়ী-মটৰচাইকেল-চলাই যোৱাটো দূৰৈৰ কথা সেই পথৰে খোজকাঢ়ি যাবলৈও চিন্তা কৰিব লগা এক পৰিস্থিতি। ৰোগী নিবলৈ আহিলেও ১০৮ এম্বুলেঞ্চও আধা বাটতে ৰ’ব লগা হয় পথৰ দুৰৱস্থাৰ বাবে। গুৰুতৰ ভাবে অসুস্থ ৰোগীক ঠেলা বা কান্ধত উঠাই নিবলগীয়া হয়। ছাত্ৰ-ছাত্ৰীসকলো দুৰণিবটীয়া পথেৰেহে স্কুল-কলেজলৈ যাবলৈ বাধ্য।১৯৮৫ চনত গঠন হোৱা তদানীন্তন অগপ চৰকাৰৰ দিনত এই গাঁৱলীয়া পথছোৱা শিল-বালিৰে নিৰ্মাণ কৰাৰ পাছত মেৰামতিৰো অভাৱত যাতায়তৰ অনুপযোগী হৈ উঠিছে। গাঁওবাসীয়ে জনোৱা মতে, মাত্ৰ এবাৰ কিছু মেৰামতি হৈছিল যদিও তাৰ পাছত কাৰো দেখা-দেখি নাই। স্বয়ং মন্ত্ৰী কেশৱ মহন্তক ব্যক্তিগতভাবে গাঁওবাসীয়ে পথছোৱা পকীকৰণৰ বাবে অনুৰোধ কৰাৰ পাছতো এই পৰ্য্যন্ত কোনো সুফল নাপালে বুলি আক্ষেপ কৰে। আনকি স্থানীয় পঞ্চায়ত প্ৰতিনিধিগৰাকীৰো গাঁওবাসীৰ এই জটিল সমস্যাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগত মুখৰ হৈ পৰে গাঁওবাসী।অৱশেষত স্থানীয় লোকসকলে পথলৈ ওলায় আহি নিজেই পথটো মেৰামতি কৰাৰ ব্যৱস্থা কৰিছে। লগতে সংশ্লিষ্ট বিভাগক শীঘ্ৰেই পথটো পকীকৰণ কৰাৰ দাবী তোলে অঞ্চলবাসীয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…