ৰাম মন্দিৰৰ দানৰ ধন আত্মসাত কাণ্ডত নতুন তথ্য: গ্ৰেপ্তাৰ ৮জনৰ ভিতৰত ৬জন ব্যক্তিগত নিৰাপত্তা সংস্থাৰ জৰিয়তে নিযুক্ত । RAM MANDIR

RAM MANDIR । অযোধ্যাৰ ৰাম মন্দিৰত দান হিচাপে সংগৃহীত ধন আত্মসাতৰ অভিযোগৰ তদন্তত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা ৮জন অভিযুক্তৰ ভিতৰত ৬জনক বাৰাণসীস্থিত এটা ব্যক্তিগত নিৰাপত্তা সংস্থাৰ জৰিয়তে নিযুক্তি দিয়া হৈছিল। এই সংস্থাটোক মন্দিৰত সংগৃহীত নগদ দান গণনাৰ বাবে কৰ্মচাৰী যোগান ধৰাৰ দায়িত্ব দিয়া হৈছিল।

দানৰ কোটি কোটি টকা আত্মসাতৰ অভিযোগৰ পিছত গঠন কৰা বিশেষ তদন্তকাৰী দল (SIT)-এ বৰ্তমান ঘটনাটোৰ গভীৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তত অভিযুক্তসকলক কেনেদৰে নিযুক্তি দিয়া হৈছিল, নগদ ধন গণনাৰ ব্যৱস্থাৰ তদাৰকী কোনে কৰিছিল আৰু সমগ্ৰ ব্যৱস্থাত কোনো ত্ৰুটি বা গাফিলতি আছিল নেকি, সেই দিশসমূহ খতিয়ান কৰি চোৱা হৈছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা ৮জনৰ ভিতৰত ৬জনেই বাৰাণসীস্থিত সৈনিক ছিকিউৰিটি ছাৰ্ভিচৰ কৰ্মচাৰী। সংস্থাটোৱে ৰাম মন্দিৰত দান হিচাপে সংগৃহীত নগদ ধন গণনাৰ বাবে কৰ্মচাৰী যোগান ধৰিছিল।

সংস্থাটোৰ সঞ্চালক গৌৰৱ সিংে স্পষ্ট কৰি কয় যে, সংস্থাটোক পোনপটীয়াকৈ শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে নিযুক্তি দিয়া নাছিল। তেওঁৰ মতে, অযোধ্যাৰ SBI-ৰ নয়া ঘাট শাখাই নগদ ধন গণনাৰ বাবে কৰ্মচাৰী যোগান ধৰিবলৈ সংস্থাটোৰ সৈতে যোগাযোগ কৰিছিল।

গৌৰৱ সিঙে জনোৱা মতে, স্থানীয় SBI শাখাই ১৯জনীয়া এটা কৰ্মীদল বিচাৰিছিল। সেই অনুসৰি সংস্থাটোৱে কৰ্মচাৰী নিযুক্তি দি অযোধ্যালৈ প্ৰেৰণ কৰিছিল। তেওঁলোকক মাহিলী প্ৰায় ২০ হাজাৰ টকা দৰমহা প্ৰদান কৰা হৈছিল।

ইফালে, SBIয়ে জানিবলৈ দিছে যে চলি থকা SIT তদন্তত বেংকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই আছে। ২০২৪ চনৰ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছৰে পৰা মন্দিৰ ট্ৰাষ্টৰ বেংকিং সেৱা SBI-য়েই পৰিচালনা কৰি আহিছে।

এজন জ্যেষ্ঠ SBI বিষয়াই জনোৱা মতে, সাধাৰণতে এনে ধৰণৰ কৰ্মচাৰী নিয়োগ কেন্দ্ৰীয় বা কৰ্পোৰেট পৰ্যায়ত সম্পন্ন হয়। কিন্তু এই ক্ষেত্ৰত স্থানীয় শাখাই নগদ ধন গণনাৰ বাবে কৰ্মচাৰী বিচাৰিছিল। আনহাতে, সৈনিক ছিকিউৰিটি ছাৰ্ভিচে দাবী কৰিছে যে বেংকৰ চাহিদা অনুসৰি কৰ্মচাৰী যোগান ধৰাৰ বাহিৰে মন্দিৰ ট্ৰাষ্টৰ সৈতে সংস্থাটোৰ কোনো প্ৰত্যক্ষ চুক্তিগত সম্পৰ্ক নাছিল। সংস্থাটোৱে লগতে জনায় যে দেশৰ বিভিন্ন ৰাজ্যত চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানক দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে।

উল্লেখযোগ্য যে, ৰাম মন্দিৰৰ দান-বৰঙণিৰ ধন আত্মসাতৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈকে ৮জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক হৈছে—অনুকল্প মিশ্ৰ, লৱকুশ মিশ্ৰ, ৰামশংকৰ যাদৱ ওৰফে টিন্নু, মনীষ যাদৱ, সুভাষ শ্ৰীবাস্তৱ, অভিনাশ শুক্লা, ৰামশংকৰ মিশ্ৰ আৰু কৰুণেশ পাণ্ডে।

তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে ৭জন অভিযুক্তৰ বাসগৃহ আৰু অন্যান্য স্থানত তালাচী চলাই প্ৰায় ৭৯.৮৫ লাখ টকা নগদ ধন উদ্ধাৰ কৰিছে। SIT-এ এই ঘটনাৰ সৈতে জড়িত আন কোনো ব্যক্তি বা বৃহৎ চক্ৰ জড়িত আছে নেকি, সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে।

Related Articles