নলবাৰীৰ গংগাপুৰত লাভ জেহাদৰ বলি হোৱা কিশোৰীগৰাকী চিকিৎসাধীন অৱস্থাত মৃত্যু। ৰোজ আলীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল কিশোৰীগৰাকী। GMCHত শেষ নিশ্বাস ত্যাগ ৰ’জ আলীৰ আক্ৰমণত আহত মৃদুমুদ্ৰাৰ।৩১ মে’ত লাভ জেহাদৰ বলি হৈছিল মৃদুমুদ্ৰা আৰু ভাতৃ মাধুৰ্য। ৰ’জ আলীৰ আক্ৰমণত মৃদু মুদ্ৰাৰ ভাতৃ মাধুৰ্য বৰ্মনৰ থিতাতে মৃত্যু হৈছিল। অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে মৃদুমুদ্ৰা ডেকাই।
মৃদুমুদ্ৰা ডেকাৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ৩১ মে’ তাৰিখে ‘লাভ জেহাদী’ৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ GMCH-ত চিকিৎসাধীন হৈ থকা নলবাৰীৰ তনয়া মৃদুমুদ্ৰাই শেষ নিশ্বাস ত্যাগ কৰাৰ বাতৰিয়ে মোক ব্যথিত কৰি তুলিছে। মৃদুমুদ্ৰাৰ আত্মাৰ সদগতি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত দুৰ্ভগীয়া পৰিয়ালটিলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
আজিৰ এই বিষাদৰ ক্ষণত, প্ৰতিজন সচেতন নাগৰিকক আমাৰ সমাজত বিয়পিবলৈ আৰম্ভ কৰা এনে সামাজিক ব্যাধিৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনাওঁ আৰু গধুৰ অন্তৰেৰে কামনা কৰোঁ যে আমাৰ সমাজত এনে ঘটনাৰ পুনৰাবৃত্তি কেতিয়াও নহওক।

