কিছুদিন পূৰ্বে ধুবুৰী জিলাৰ মাজেৰচৰত এটা ৰাতিৰ ভিতৰত পাঁচটা পৰিয়ালৰ মাজত ১২ টাকৈ গৰু চুৰিকাণ্ড সংঘটিত হৈছিল। যোৱা ৫ জুন তাৰিখত ৰাতি মাজেৰচৰ কুন্তীৰচৰ গাঁওৰ কমেও পাঁচ গৰাকী লোকৰ ঘৰৰ গোৱাহালি ঘৰৰ পৰা ১২ টাকৈ গৰু চুৰি কৰি লৈ যায়। চাৰি পাঁচদিন ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত বিচাৰি ফুৰিছিল যদিও অৱশেষত ধুবুৰী জিলাৰ চলাকুৰা গাওঁত গৰু কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ অনুসৰি আজি চলাকুৰা গাঁওৰ এখন ঝাই খেতিত এগৰাকী লোকে গৰু কেইটা প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় ৰাইজক অৱগত কৰে আৰু গৰুৰ গৰাকী সকলক খৱৰ দিয়ে। আজি ৰাতিপুৱাই গৰুৰ গৰাকীয়ে খবৰ পাই স্থানীয় গাঁও ৰক্ষি বাহিনীক খবৰ দি চলাকুৰা চৰত উপস্থিত হৈ গৰু কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

