মঙলদৈৰ শাকতোলা মথাউৰিৰ বাবে ভাবুকি কঢ়িয়াই আনিছে স্থানীয় একাংশ লোকে। মেচিন লগাই নদীৰ বুকুত বালি খনন কৰা কাৰ্যক বাধা প্ৰদান কৰাৰ পিছতো গা নলৰিল জনৈক কটকী নামৰ পৰিয়ালটিৰ। এই ঘটনা মঙলদৈ সমষ্টিৰ ধনখুন্দা পাৰাৰ নিকতৱৰ্তী শাকতোলা নদীৰ।
স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল যদিও নিজৰ এলেকাত নপৰে বুলি গা এৰা মন্তব্য বন বিভাগৰ। উল্লেখযোগ্য যে যি ঠাইত নদীৰ বুকুত বালি খনন কাৰ্য চলাই আছে সেই ঠাই খিনি মঙলদৈ বন সংমণ্ডলৰ আধিনত পৰা কাৰনে ছিপাঝাৰ খণ্ড বন বিভাগে দেখিও নেদেখাৰ ভাও জুৰি সেই স্থানৰ পৰা আতৰি যায়।
কিন্তু তেওঁলোকে মঙ্গলদৈ খণ্ড বন বিভাগক অৱগত নকৰি দায় সৰা মন্তব্যহে প্ৰদান কৰে নৈ পৰীয়া ৰাইজক।
কিন্তু এতিয়া মঙলদৈ খণ্ড বন বিভাগে এই কাৰ্যত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়। উল্লেখযোগ্য যে দুবছৰ আগতে শাকতোলা মথাউৰি চিঙি প্ৰায় ১৫ খন গাওঁ প্লাৱিত হৈছিল। এতিয়া নৈ পৰীয়া ৰাইজে এই অবৈধ বালি খনন কাৰ্যত উৎকণ্ঠাত ভুগি আছে বুলি মন্তব্য কৰে।

