হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা স্থগিত কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ

ভাৰত চৰকাৰে হোৱাটছএপৰ প্ৰস্তাৱিত ইউজাৰনেম ভিত্তিক নতুন বৈশিষ্ট্য দেশত মুকলি নকৰিবলৈ ইয়াৰ মূল প্ৰতিষ্ঠান মেটাক কঠোৰ নিৰ্দেশ জাৰি কৰিছে। চৰকাৰে জনোৱা মতে, এই ব্যৱস্থাটোৰ গোপনীয়তা আৰু সুৰক্ষাৰ দিশসমূহ সম্পূৰ্ণভাৱে পৰ্যালোচনা নকৰালৈকে ইয়াক স্থগিত ৰাখিব লাগিব। এই সন্দৰ্ভত মেটালৈ এখন চৰকাৰী জাননী প্ৰেৰণ কৰি অহা তিনি দিনৰ ভিতৰত এক বিস্তৃত ব্যাখ্যা দাখিল কৰিবলৈও দাবী জনোৱা হৈছে।চৰকাৰী সূত্ৰই জনোৱা মতে, এইটো হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থাৰ ওপৰত প্ৰথমটো গুৰুত্বপূৰ্ণ হস্তক্ষেপ।

নতুন বৈশিষ্ট্যটো প্ৰৱৰ্তন হ’লে ব্যৱহাৰকাৰীসকলে নিজৰ মোবাইল নম্বৰ শ্বেয়াৰ নকৰাকৈ কেৱল ইউজাৰনেম ব্যৱহাৰ কৰি বাৰ্তা প্ৰেৰণ কৰিব পাৰিব। অৱশ্যে চৰকাৰে এতিয়া এই ব্যৱস্থাটোত সম্ভাৱ্য চাইবাৰ অপৰাধৰ বিপদ কিমান আছে সেয়া পৰীক্ষা কৰি আছে।বিশেষকৈ, চৰকাৰী কৰ্তৃপক্ষই মেটাৰ পৰা জানিব বিচাৰিছে যে এই ইউজাৰনেম ব্যৱস্থা কেনেকৈ কাৰ্যক্ষম হ’ব, ব্যৱহাৰকাৰীৰ পৰিচয় কেনেকৈ প্ৰমাণীকৰণ কৰা হ’ব আৰু এই ব্যৱস্থাৰ জৰিয়তে হ’ব পৰা অনলাইন প্ৰতাৰণা বা ভুৱা পৰিচয়ৰ ব্যৱহাৰ কেনেকৈ ৰোধ কৰা হ’ব।

এতিয়ালৈকে এই বিষয়ত মেটাই কোনো ৰাজহুৱা মন্তব্য আগবঢ়োৱা নাই।হোৱাটছএপে অৱশ্যে জনাইছে যে এই ব্যৱস্থাটো গ্ৰাহকৰ গোপনীয়তা অধিক সুৰক্ষিত কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। এই বৈশিষ্ট্য সম্পূৰ্ণ ঐচ্ছিক হ’ব আৰু ব্যৱহাৰকাৰীয়ে ইচ্ছা কৰিলে আগৰ দৰে মোবাইল নম্বৰ ব্যৱহাৰ কৰি থাকিব পাৰিব। আনহাতে, ইউজাৰনেম ব্যৱহাৰ কৰিবলৈ বাছনি কৰা ব্যৱহাৰকাৰীয়ে সৰ্বাধিক ৩৫টা আখৰৰ এটা ব্যতিক্ৰমী নাম তৈয়াৰ কৰিব পাৰিব আৰু ইয়াক যিকোনো সময়তে সলনি বা মচি পেলাব পাৰিব।

ইফালে, দেশত সাম্প্ৰতিক সময়ত বৃদ্ধি পোৱা চাইবাৰ প্ৰতাৰণাৰ ঘটনাই চৰকাৰক চিন্তিত কৰি তুলিছে। তদন্তকাৰী সংস্থাসমূহে ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰৱঞ্চকসকলে ভুৱা বিনিয়োগ আঁচনি, ডিজিটেল গ্ৰেপ্তাৰৰ ভয় দেখুওৱা আদি উপায়েৰে হোৱাটছএপৰ জৰিয়তে বহু লোকক ঠগি আহিছে। এই পৰিস্থিতিত, ফোন নম্বৰ অবিহনে কেৱল ইউজাৰনেমেৰে যোগাযোগ কৰাৰ ব্যৱস্থাই অপৰাধীসকলক চিনাক্ত কৰাটো অধিক কঠিন কৰি তুলিব নেকি বুলি চৰকাৰে আশংকা প্ৰকাশ কৰিছে।মেটাই যদিও জনাইছে যে ব্লক কৰা আৰু ৰিপ’ৰ্ট কৰাৰ দৰে পুৰণি সুৰক্ষা ব্যৱস্থাসমূহ এইটোত বজাই ৰখা হ’ব, তথাপিও ভাৰতীয় পৰিৱেশত এই ব্যৱস্থাটো কিমান সুৰক্ষিত হ’ব সেয়া লৈ চৰকাৰী পৰ্যালোচনা অব্যাহত আছে।

Related Articles