যোৰহাট জিলাৰ মৰিয়নিৰ মাজেদি প্ৰবাহিত ভোগদৈ নৈৰ পানী সেৱন কৰি জিলা খনৰ লাখ লাখ লোকে জীৱন নিৰ্বাহ কৰি আহিছে। নগা পাহাৰৰ অসংখ্য সৰু বৰ জান জুৰিৰ পানী বক্ষত লৈ অসমলৈ নামি অহা ভোগদৈ নৈখন অতীতৰ পৰাই কেৱল মৰিয়নীয়ে নহয়, সমগ্ৰ যোৰহাটৰে হৃদস্পন্দন স্বৰূপ। কিন্ত ভোগদৈ নদীৰ পানী যোৱা কিছু দিনৰ পৰা ব্যাপক ৰূপত প্ৰদূষিত হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। যোৱা এসপ্তাহ মানৰ পৰা নৈখনৰ পানীত অস্বাভাবিক ভাবে মৰিছে মাছকে ধৰি নৈ খনত থকা জলজ প্ৰানী। নৈখনৰ পানীৰ বৰণ অধিক ঘোলা আৰু আঠা হৈ পৰাৰ লগতে টেঙা হৈ পৰিছে। এসপ্তাহ মানৰ পূৰ্বে ঘটনাটো প্ৰত্যক্ষ কৰে ভোগদৈ নৈৰ পাৰত অৱস্থিত দিচৈ চাহ বাগিচা আৰু কঠালগুৰি চাহ বাগিছাৰ ৰাইজে।যুগ যুগ ধৰি নৈখনৰ পানী ব্যৱহাৰ কৰি অহা বাগিছা দুখনৰ ৰাইজে পানীৰ সোৱাদ টেঙা আৰু আঠা হৈ পৰা বুলি বাগিছা কতৃপক্ষক অৱগত কৰায়। বাগিছা কৰ্তপক্ষই লগে লগে ভোগদৈ নৈৰ পানীৰ নমুনা সংগ্ৰহ কৰি যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰিক্ষাগাৰলৈ প্ৰেৰণ কৰাত পানীত পি এইছ ভেলু কমি যোৱা আৰু মেংগানিজৰ পৰিমান বাঢ়িযোৱা বুলি পৰীক্ষাত পোহৰলৈ আহে। পৰীক্ষাগাৰৰ প্ৰতিবেদনত নৈৰ পানীত পি এইছ ভেলু পোৱা গৈছে ৩’৮৯ । কিন্ত নদীখনৰ পানীত পি এইছ ভেলু থাকিব লাগে ৬’৫ ৰ পৰা ৮’৫। অনুৰূপ ধৰনে মেংগানিজৰ পৰিমান থাকিব লাগে ০’১ ৰ পৰা ০’৩ মিলিগ্ৰাম বৰ্ত্তমান ভোগদৈ নৈৰ পানীত মেংগানিজৰ পৰিমান বাঢ়ি গৈ পাইছে ১’৬৮ মিলিগ্ৰাম।জানিব পৰা মতে পানী অত্যাধিক প্ৰদুষিত হলে (পাৱাৰ অৱ হাইড্ৰজেন) পি এইছ ভেলু কমি পানীৰ পোষকতত্ব কমি যায়। আনহাতে, পানীত মেংগানিজৰ পৰিমান বাঢ়িলে পানীৰ সোৱাদ টেঙাহৈ পৰে আৰু এই পানী বেছিদিন সেৱন কৰিলে শৰীৰত বিভিন্ন উপসৰ্গয়ে দেখা দিয়ে। ভোগদৈ নৈৰ পৰা পানী উত্তোলন কৰি মজুত কৰা ৰেল বিভাগৰ বৃহৎ পুখুৰীত অস্বাভাবিক ভাবে মৰিছে শ শ সৰু ডাঙৰ মাছ। মৰিয়নী নগৰ পানী যোগান আঁচনিৰ পানী আৰু ৰেল বিভাগে যোগান ধৰা খোৱা পানীৰ সোৱাদ টেঙা আৰু আঠা হৈ পৰাৰ অভিযোহ পোৱা গৈছে। নৈ খনৰ পানী মজুত কৰা ৰেলৱেৰ পুখুৰীত মৰি পানীত উপঙি উঠিছে বৃহৎ আকাৰ ৰৌ বাহুকে ধৰি অসংখ্য মাছ। বিগত এসপ্তাহ মানৰ পৰা পুখুৰীটোত উৎকত দুৰ্গন্ধৰ সৃষ্টি হৈছে যদিও অদ্যাপি ৰেল কৰ্তৃপক্ষয়ে বিষয়তো গুৰুত্ব প্ৰদান কৰা নাই। ইতিমধ্যে মৰিয়নী নগৰ পানী যোগান আচনি কৰ্তপক্ষই বিষয়তো যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগক অবগত কৰিছে যদিও সমস্যাটোৰ সমাধান হোৱা নাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ‘হাল্লা ব’ল’ৰে উদ্ভাসিত এ চি এ ষ্টেডিয়ামঃ মহানগৰীত আই পি এলৰ উন্মাদনা
- USTM ত আন্তৰ্জাতিক নাৰ্ছ দিৱস উদযাপন
- মন্ত্ৰী পীযুষ হাজৰীকাৰ মহানুভৱতা, তিনিটা কণমানিৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে ব্যক্তিগত প্ৰয়াসত ব্যৱস্থা গ্ৰহণ
- অভিলেখ সৃষ্টিকাৰী ৩.২৭ লাখ পৰ্যটকৰ আগমণ হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই সংযোজনে এক নতুন মাত্ৰা প্ৰদান কৰিব: মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
- অসমৰ এই ১৯ খন জিলালৈ সতৰ্কবাণী ! মুষলধাৰ বৰষুণৰ লগতে ঘণ্টাত ৪০-৫০ কিলোমিটাৰ গতিত আহিব ধুমুহা…
- গ্ৰাম্যাঞ্চলত সক্ৰিয় গৰু চুৰি চক্ৰ ! থানাই থানাই গৰুৰ গৰাকীয়ে দাখিল কৰিছে চুৰি হোৱা গৰুৰ অভিযোগ…
- গুৱাহাটীৰ লখৰাৰ পিঠাগুৰিৰ ১০নং গৃহত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ…
- চাৰণ বিলৰ মনোৰম পৰিৱেশত ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰকৃতি সজাগতা শিবিৰ, বন ধ্বংসৰ দৰে অবিবেচকী কাম-কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ আহ্বান জিলা আয়ুক্তৰ…
- এ আই ইউ জ’নেল আন্তঃ বিশ্ববিদ্যালয় উডবল টুৰ্নামেণ্টঃ ১ টা সোণ, ২ টা ব্ৰঞ্জৰ পদেকেৰে ভূপালত জিলিকিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়
- ভাৰতীয় ক্ৰিকেট দলে শীঘ্ৰে নতুন প্ৰশিক্ষক লাভ কৰাৰ সম্ভাৱনা…