ৰাজ্যত প্ৰতি দিনে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত দৈনিক ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সুৰা-সুৰে বাঢ়িবলৈ ধৰিছে । সাধাৰণ
জনতাক একপ্ৰকাৰে ৰাম টাঙোন
সুধাইছে চৰকাৰে । ইয়াৰে পৰিপেক্ষিতত আজি দুপৰীয়া নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বান মৰ্মে টেঙাখাত ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু দুলীয়াজান যুৱ কংগ্ৰেছৰ লগতে এন এছ উ আই সহযোগত পেট্ৰ’ল-ডিজেল, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । দুলীয়াজানৰ মাজমজিয়াত অৱস্থিত এটা পেট্ৰল ডিপুৰ সন্মূখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পেট্ৰ’ল-ডিজেল আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধ কৰক, বিজেপি মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি
বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে । ইপিনে পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমূহৰ মূল্য ৰাজ্য চৰকাৰে অতী শীঘ্ৰে হ্ৰাস নকৰিলে পৰবৰ্ত্তী সময়ত জংগী আন্দোলনৰ ভাবুকি প্ৰদান কৰে
প্ৰতিবাদকাৰীয়ে । আজিৰ কাৰ্যসূচীত নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সদস্য ধ্ৰুৱজ্যোতি গগৈ, টেঙাখাত ব্লক কংগ্ৰেছৰ সভাপতি সুশান্ত শইকীয়া, দুলীয়াজান সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি মনোজ ভৰালীৰ উপৰিও দলীয় কৰ্মী সকলে সহযোগ আগবঢ়াই ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…