হিন্দু দেৱতা ভগৱান ৰাম, মা সীতা আৰু ভগৱান কৃষ্ণই মাংস খাইছিল আৰু সুৰা পান কৰিছিল৷ ধ্ৰুৱ ৰাঠীৰ ৰাম-সীতা সম্পৰ্কীয় বিতৰ্কিত ভিডিঅ’ক কঠোৰ নিৰ্দেশ দিলে দিল্লী উচ্ছ ন্যায়ালয়ে৷ দিল্লী উচ্ছ ন্যায়ালয়ে শুকুৰবাৰে চৰকাৰৰ গ্ৰিভেন্স এপিলেট কমিটীক এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে৷ জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে আপলোড কৰা এটা ভিডিঅ’ আঁতৰোৱাৰ আবেদনৰ ওপৰত ১৫ দিনৰ ভিতৰত সিদ্ধান্ত ল’বলৈ ন্যায়ালয়ে নিৰ্দেশ দিছে৷ এই ভিডিঅ’টোত ধ্ৰুৱ ৰাঠীয়ে দাবী কৰিছিল যে হিন্দু দেৱতা ভগৱান ৰাম, মা সীতা আৰু ভগৱান কৃষ্ণই মাংস খাইছিল আৰু সুৰা পান কৰিছিল৷ গ্ৰিভেন্স এপিলেট কমিটী হৈছে ইলেক্টªনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰণালয়ৰ অধীনৰ এটা সংস্থা৷
এই সংস্থাই ডিজিটেল প্লেটফৰ্মত থকা যিকোনো বিষয়বস্তু বা একাউণ্টৰ অভিযোগৰ ওপৰত লোৱা সিদ্ধান্তৰ আৱেদনসমূহৰ বিচাৰ কৰে৷ উচ্ছ ন্যায়ালয়ে এই নিৰ্দেশ দিয়াৰ লগতে সকীয়াই দিছে যে এই নিৰ্দেশনা সঠিকভাৱে পালন নকৰিলে ইয়াক আদালতৰ তৰফৰ পৰা অতি গুৰুত্বসহকাৰে লোৱা হ’ব৷ শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ হাজিৰ হোৱা অতিৰিক্ত চলিচিটৰ জেনেৰেল চেতন শৰ্মাই যুক্তি দৰ্শায় যে ইউটিউবে নিজে দায়িত্ব লৈ এনে আপত্তিজনক আৰু ঘৃণা বিয়পাব পৰা বিষয়বস্তু লগে লগে আঁতৰাব লাগিছিল৷
তেওঁ কয় যে ৰাঠীৰ এই ভিডিঅ’টোৱে সমাজত বিভাজন আনিব পাৰে আৰু গুগলে এনে ধৰণৰ ভিডিঅ’ ৰাখিব নালাগে, যিয়ে সংখ্যাগৰিষ্ঠ সমাজৰ আৱেগত আঘাত হানে৷ উল্লেখযোগ্য যে ৩.২৪ কোটি ছাবস্ক্ৰাইবাৰ থকা ধ্ৰুৱ ৰাঠীয়ে কেন হিন্দুজ ইট বিফ শীৰ্ষক তেওঁৰ এটা ভিডিঅ’ত এনেদৰে দাবী কৰিছিল৷ গুগলৰ অধিবক্তাই ন্যায়ালয়ক জনায় যে কোম্পানীটোৱে ইতিমধ্যে আৱেদনকাৰী অধিবক্তা অমিতা সচদেৱাক তেওঁলোকৰ উত্তৰ দিছে আৰু কমিটীৰ ওচৰত এক আৱেদন দাখিল কৰা হৈছে৷ এই সকলোবোৰ শুনাৰ পিছত ন্যায়াধীশ স্বৰ্ণ কান্তা শৰ্মাই ১৫ দিনৰ ভিতৰত সিদ্ধান্ত ল’বলৈ চৰকাৰী সংস্থাটোক নিৰ্দেশ দিয়ে৷ ২১ মাৰ্চত ইউটিউবত আপলোড কৰা এই ভিডিঅ’টোৰ বিৰুদ্ধে আপত্তি দৰ্শাই অধিবক্তা অমিতা সচদেৱাই আদালতত আৱেদন দাখিল কৰিছিল৷

