গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ অৰ্থে জি আই এছ-ভিত্তিক সামগ্ৰিক পানী নিষ্কাশন ব্যৱস্থাপনা পৰিকল্পনা আৰু বাহিনী-ভৰলু অৱবাহিকাৰ বিশদ প্ৰকল্প প্ৰতিবেদন সন্দৰ্ভত আজি জনতা ভৱনৰ বি ব্লকস্থিত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ কাৰ্যালয় সভাকক্ষত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়।
সভাত গুৱাহাটীত বৰষুণৰ পানী নিষ্কাশন ব্যৱস্থা ফলপ্ৰসূভাৱে কাৰ্যক্ষম কৰি তোলা আৰু মহানগৰীৰ বিভিন্ন অঞ্চলত সঘনাই সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ লক্ষ্যৰে প্ৰস্তাৱিত সামগ্ৰিক জল নিষ্কাশন পৰিকল্পনা আৰু বিশদ প্ৰকল্প প্ৰতিবেদনৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। পৰিকল্পনা আৰু প্ৰকল্প প্ৰতিবেদনত অন্তৰ্ভুক্ত সকলো পৰামৰ্শ আৰু কাৰিকৰী প্ৰস্তাৱৰ বিষয়ে সভাত পুংখানুপুংখ পৰ্যালোচনা কৰা হয়।
পৰ্যালোচনাৰ সময়ত প্ৰস্তাৱিত ব্যৱস্থাসমূহ যাতে বাস্তৱসন্মত, বহনক্ষম আৰু মহানগৰখনৰ পানী নিষ্কাশন আন্তঃগাঁথনি শক্তিশালী কৰাত ফলপ্ৰসূ হয়, তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাত উত্থাপিত মতামত আৰু পৰামৰ্শসমূহৰ ভিত্তিত সামগ্ৰিক নিষ্কাশন ব্যৱস্থাপনা পৰিকল্পনা আৰু বিশদ প্ৰতিবেদন পুনৰীক্ষণ কৰিবলৈ পৰামৰ্শদাতা সংস্থাক নিৰ্দেশ দিয়া হয়।
সভাত সভাপতিত্ব কৰি মন্ত্ৰী কৌশিক ৰায়ে প্ৰস্তাৱিত সংশোধনসমূহ অন্তৰ্ভুক্ত কৰাৰ পিছত চূড়ান্ত অনুমোদনৰ পূৰ্বে সংশোধিত প্ৰস্তাৱসমূহ পুনৰ গভীৰভাৱে পৰ্যালোচনা কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষক পৰামৰ্শ দিয়ে। ভৱিষ্যতে যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় তাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব প্ৰদান কৰে।
সভাত গুৱাহাটী মহানগৰৰ বানপানী ব্যৱস্থাপনা সন্দৰ্ভত এক সমন্বিত আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব আৰোপ কৰা হয়। বিশেষকৈ নিষ্কাশন ব্যৱস্থাৰ কাৰ্যক্ষমতা বৃদ্ধি, অতিপাত বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ সক্ষমতা শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
সভাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া অন্বমুথন এম পি, এই ইউ আই ডি চি এল-ৰ পৰিচালন সঞ্চালক হিভাৰে নিসৰ্গ গৌতম, অতিৰিক্ত পৰিচালন সঞ্চালক সম্প্ৰীতি গোস্বামী, লোক নিৰ্মাণ বিভাগ (পথ)-ৰ মুখ্য অভিযন্তা হেমন্ত দেউৰী ভৰালী, গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা প্ৰদ্যুম্ন বৰদলৈৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে।
গুৱাহাটীৰ বান সমস্যা সমাধান কৰি নাগৰিকসকলৰ জীৱনৰ মান উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ় অংগীকাৰৰ কথা পুনৰ ব্যক্ত কৰি মন্ত্ৰী ৰায়ে এই গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ বাবে সংশ্লিষ্ট সকলোকে সপূৰ্ণ নিষ্ঠা, সমন্বয় আৰু দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়।

