চলন্ত গাড়ী সোমাই গ’ল দোকানৰ ভিতৰত।
মৈৰাবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই এখন দোকানত সোমাল বলেৰ’ বাহন, কথমপি প্ৰাণ ৰক্ষা।
দক্ষিণ মৈৰাবাৰীত কালি সন্ধিয়া এই দুৰ্ঘটনা সংঘটিত হয়।
এখন তীব্ৰবেগী চলন্ত বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত অৱস্থিত এখন গেলামাল দোকানৰ ভিতৰত সোমাই পৰে।
মহিন্দ্ৰা বলেৰ’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই হঠাতে দোকানখনৰ ভিতৰত সোমাই যায়।
দুৰ্ঘটনাটোৰ ফলত গেলামাল দোকানখনৰ সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়।
সৌভাগ্যবশতঃ এই ঘটনাত কোনো লোকৰ প্ৰাণহানি হোৱা নাই।
ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
স্থানীয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

