কাজিৰঙাৰ জয়মালাৰ মৃত্যু।
প্ৰায় ৩৪ বছৰ কাল উদ্যানখনত সেৱা আগবঢ়ায় জয়মালাই।
১৯৯২ চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত আছিল জয়মালা।
১৯৬০ চনত জন্ম হৈছিল জয়মালাৰ।
চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযানত অংশ লৈছিল জয়মালাই।
টহলদাৰী হাতী ‘জয়মালা’ৰ বিয়োগত গভীৰ শোক প্ৰকাশ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ‘জয়মালা’ক।
৩৪ বছৰ ধৰি কাজিৰঙাক, সুৰক্ষা প্ৰদানত নিয়োজিত আছিল ‘জয়মালা’।
‘জয়মালা’ৰ বিয়োগত গভীৰ শোক প্ৰকাশ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমত লিখে যে কাজিৰঙাৰ লগতে আজি সমগ্র অসমবাসীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ অতন্দ্ৰ প্ৰহৰী জয়মালা হাতীক অশ্রু অঞ্জলিৰে বিদায় জনাইছে। সুদীর্ঘ ৩৪ বছৰ কাল বাঘৰ বাসস্থান সুৰক্ষিত ৰাখিছিল জয়মালাই, আনকি চোৰাংচিকাৰ বিৰোধী অভিযানতো ভাগ লৈছিল।
২০০৪ চনত বাঘে গাৰ ওপৰেৰে জাঁপ মাৰি যোৱা ঘটনাটি জয়মালাৰ সাহসৰ প্ৰতীক। জয়মালাৰ গধুৰ পদধ্বনি কাজিৰঙাৰ আকাশে-বতাহে চিৰদিন প্ৰতিধ্বনিত হৈ ৰ’ব।

