ক্ৰম বৰ্দ্ধমান গতিত পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁৱত কংগ্ৰেছ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। আজি নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত নগাঁও চহৰৰ শ্বহীদ ভৱনৰ ওচৰৰ পেট্ৰল পাম্পৰ সন্মুখত পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছে ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, দুই বিধায়ক শশীকান্ত দাস, শিবামনি বৰা, কংগ্ৰেছ নেতা সুৰেশ বৰা, মৃণাল হাজৰিকাকে ধৰি কেবাগৰাকী কংগ্ৰেছ নেতাই অংশ গ্ৰহন কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে পেট্ৰল, ডিজেলৰ মূল্য দিনে দিনে বৃদ্ধি হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰে পেট্ৰল- ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়।প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ চৰকাৰখনক কঠোৰ সমালোচনা কৰি , এইখন ১মাহৰ চৰকাৰ নহয়। কাৰণ এতিয়াৰ মুখ্যমন্ত্ৰীজন পূৰ্বতেও ছেকেণ্ড ইন কামাণ্ড আছিল। কিন্তু শিক্ষা আৰু স্বাস্থ্যত একো উন্নতি কৰিব নোৱাৰিলে।” ৰকিবুল হুছেইনে লগতে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ কাৰ্যৰো বিৰোধিতা কৰি কয়, নাগালেণ্ড সীমান্তত কিয় উচ্ছেদ চলোৱাৰ সাহস নাই চৰকাৰ। আনহাতে ৰাজ্যত ক’ৰোণাৰ প্ৰকৃত সংখ্যা কমকৈ দেখুওৱাৰ বাবে ঘনজবসতিপূৰ্ণ অঞ্চলত টেষ্ট কৰা নাই বুলিও অভিযোগ কৰে ৰকিবুল হুছেইনে। ইফালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক চোকা সমালোচনা কৰি কয় “বিজেপি চৰকাৰে সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ সোধাই প্ৰতিদিনেই পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কৰিছে, ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অধিক বৃদ্ধি পাইছে।”
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…
- সাধাৰণ জনতাৰ বাবে সু-খবৰ ! মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ…
- চৰাইদেউৰ সাপেখাতিত নিৰুদ্দেশ দিপালী গগৈ নামৰ এগৰাকী বোৱাৰী
- অসুস্থ বলীউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ! প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য অৱনতিৰ মূল কাৰণ…